বিজনীত ভয়ানক পথ দুৰ্ঘটনাত নিহত এক
থিতাতে নিহত কালিচৰণ সূত্ৰধৰ (২৫)নামৰ এজন যুৱক।
বিজনীত ভয়ানক পথ দুৰ্ঘটনাত নিহত এক


চিৰাং, ০৮ ডিচেম্বৰ (হি.স.): চিৰাং জিলাৰ বিজনীৰ মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰ-বিষপানী পথত যোৱা কালি দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দূৰ্ঘটনাত থিতাহে মৃত্যু হয় এজন বাইক আৰোহীৰ। মৃত লোকজন বিজনীৰ শিলিখাগুৰী গাঁৱৰ নিবাসী কালিচৰণ সুত্ৰধৰ (২৫ )বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি বিষ্ণুপুৰ বজাৰৰ পৰা এএছ ১৯ টি ৪৫৬৮ নম্বৰৰ মটৰ চাইকেল (YAMAHA FZ) এখন উলুবাৰীলৈ গৈ থকা অৱস্থাত বিষপানী পথত দুৰ্ঘটনাত পতিত হয়। স্থানীয় ৰাইজে জনোৱা মতে মৃত বাইক আৰোহীয়ে বাইক চলাই আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষতে ৰখাই থোৱা ট্ৰেক্টাৰ এখনত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় আৰু লগে লগে বাইক আৰোহী জনৰ মৃত্যু হয়। ঘটনা স্থলীত পাণবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande