
কামৰূপ, ০৮ ডিচেম্বৰ (হি.স.)। কামৰূপ জিলাৰ ৰঙিয়াৰ মৰণজানাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী গ্ৰেণ্ড আই টেন (Grand i 10) বাহনে পিছফালৰ পৰাই খুন্দিয়ালে বাইক আৰোহীক। মৰণজানাৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো। এই দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় চ'টশীল নিৱাসী দেৰাজ আলী নামৰ লোকজন
জানিব পৰামতে, ৰঙিয়াৰ পৰাই মৰণজানাৰ নিজ গৃহলৈ গৈ আছিল দেৰাজ আলী নামৰ লোকজন। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত ৰঙিয়া যান-বাহন আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই লোকজনক । বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দেৰাজ আলী নামৰ লোকজন।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা