কাজিৰঙাত ব্যক্তিগত অতিথিশালাই সৃষ্টি কৰিছে কদৰ্যময় পৰিবেশৰ
গোলাঘাট, ০৮ ডিচেম্বৰ (হি.স.)। কাজিৰঙাত ব্যক্তিগত অতিথিশালাই সৃষ্টি কৰিছে কদৰ্যময় পৰিবেশৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি আংলঙত থকা হংথৰ নামৰ ৰিজৰ্ট খনৰ বাবে দূষিত হৈছে পৰিবেশ। বন্যপ্ৰাণীৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৰিজৰ্টখনৰ পেলনীয়া আৱৰ্জ
কাজিৰঙাত ব্যক্তিগত অতিথিশালাই সৃষ্টি কৰিছে কদৰ্যময় পৰিবেশৰ


গোলাঘাট, ০৮ ডিচেম্বৰ (হি.স.)। কাজিৰঙাত ব্যক্তিগত অতিথিশালাই সৃষ্টি কৰিছে কদৰ্যময় পৰিবেশৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি আংলঙত থকা হংথৰ নামৰ ৰিজৰ্ট খনৰ বাবে দূষিত হৈছে পৰিবেশ। বন্যপ্ৰাণীৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৰিজৰ্টখনৰ পেলনীয়া আৱৰ্জনাই।অভিযোগ অনুসৰি কাজিৰঙাৰ হংথৰ নামৰ বিলাসী ৰিজৰ্ট খনৰ আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা আছে যদিও সম্প্ৰতি বিকল হৈ আছে ৷

দীৰ্ঘদিনে ৰিজৰ্ট খনে পেলনীয়া আৱৰ্জনা অতিথিশালা খনৰ সীমাৰ বাহিৰত পেলাই অহাত অঞ্চলজুৰি পুতিগন্ধময় পৰিবেশৰ সৃষ্টি হৈছে‌। সমান্তৰালকৈ শৌচাগাৰকে ধৰি অতিথিশালা খনৰ পৰা নিৰ্গত অতিৰিক্ত পানী সীমাৰ বাহিৰত কৃষকৰ পথাৰত পৰা বাবে স্থানীয় কৃষকে খেতি কৰিব নোৱাৰা পৰিৱেশ বিৰাজ কৰিছে ৷স্থানীয় ৰাইজে বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো বিষয়টোক গুৰুত্ব দিয়া নাই হোটেল কৰ্তৃপক্ষই।ৰাইজৰ অভিযোগ পাহাৰ,মূল্যবান গছ কৰ্তন কৰি নিৰ্মাণ কৰা হৈছিল অতিথিশালাখন । তদুপৰি অতিথিশালাখন থকা ঠাইখিনি আছিল হস্তীদণ্ডি । ইয়াৰ পাছত এইবাৰ আৱৰ্জনা আৰু নিৰ্গত অতিৰিক্ত পানীৰ বাবে কৃষকৰ লগতে স্থানীয় ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷প্ৰশাসনক এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande