দেৰগাঁৱত দক্ষিণ দলিজলিয়া গাঁওবাসীৰ পথ অৱৰোধ কাৰ্যসূচী
দেৰগাঁৱত দক্ষিণ দলিজলিয়া গাঁওবাসীৰ পথ অৱৰোধ কাৰ্যসূচী।
দেৰগাঁৱত দক্ষিণ দলিজলিয়া গাঁওবাসীৰ পথ অৱৰোধ কাৰ্যসূচী


গোলাঘাট, ০৮ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত দক্ষিণ দলিজলিয়া গাঁওবাসীৰ আজি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। হাতে হাতে প্লেকাৰ্ড লৈ No road No vote শ্লো'গানেৰে উত্তাল কৰি তোলে দক্ষিণ দলিজলিয়াৰ পুৰুষ মহিলাই।

ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা দক্ষিণ দলিজলিয়া সংযোগী পথৰ দূৰ অৱস্থাক লৈ ক্ষোভ প্ৰকাশ গাঁও বাসী ৰাইজে। খুমটাই সমষ্টিৰ অধীনস্থ এই বিধ্বস্ত পথছোৱাৰ কাৰণে দীৰ্ঘ দিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলৰ ৰাইজসকল। এইক্ষেত্ৰত সমষ্টিৰ বিধায়কে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ আনে। আনহাতে পৰিস্থিতিৰ পৰিৱৰ্তন নহ'লে আগন্তুক বিধান সভা নিৰ্বাচনত ভোট নিদিয়াৰ হুংকাৰ দিয়ে গাঁৱৰ পুৰুষ মহিলাসকলেয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande