
দক্ষিণ শালমাৰা মানকাচৰ, ০৮ ডিচেম্বৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে খাৰুৱাবান্ধা আৰক্ষীয়ে অভিযান চলায়। যোৱা কালি দেওবাৰে নিশা চলোৱা এই অভিযানত জব্দ কৰা হয় নিচাজাতীয় টেবলেট। লগতে আটক ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম গোলাম মুছাব্বীৰ আলম বুলি জানিব পৰা গৈছে। হাটশিঙিমাৰী তিনি আলী বটতলাত এক গোপন খবৰৰ ভিত্তিত খাৰুৱা বান্ধা আৰক্ষীয়ে চলাইছিল এই অভিযান। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৯২ টা নিচাজাতীয় কেপচুল আৰু নগদ ২৪৭০ টকা সহ এটা স্মাৰ্ট ফোন জব্দ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ