নলবাৰীৰ আখৰা খুৰাদিত থকা শইকীয়া অ'টো চাৰ্ভিছ চেন্টাৰ তেল ডিপোট চুৰিকাণ্ড
নলবাৰী, ০৮ ডিচেম্বৰ (হি.স.)। নলবাৰী জিলাৰ আখৰা খুৰাদিত থকা শইকীয়া অ''টো চাৰ্ভিছ চেন্টাৰ তেল ডিপোট চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী দুলু শইকীয়াই ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। জানিব পৰামতে, ৰঙিয়াৰ ব
নলবাৰীৰ আখৰা খুৰাদিত থকা শইকীয়া অ'টো চাৰ্ভিছ চেন্টাৰ তেল ডিপোট চুৰিকাণ্ড


নলবাৰী, ০৮ ডিচেম্বৰ (হি.স.)। নলবাৰী জিলাৰ আখৰা খুৰাদিত থকা শইকীয়া অ'টো চাৰ্ভিছ চেন্টাৰ তেল ডিপোট চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী দুলু শইকীয়াই ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

জানিব পৰামতে, ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী দুলু শইকীয়াৰ পত্নী ইৰাছা বেগমৰ নামত থকা নলবাৰী জিলাৰ আখৰা খুৰাদিস্থিত শইকীয়া অ'টো চাৰ্ভিচ চেণ্টাৰ নামৰ তেল ডিপোত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। ইতিমধ্যেই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ব্যৱসায়ী দুলু শইকীয়াই। উল্লেখযোগ্য যে যোৱা ২ডিচেম্বৰত সংঘটিত হোৱা উক্ত ঘটনাত ১,৭০১,০৯৫ টকা নগদ ধন হৰলুকী হৈছিল আৰু তেল ডিপোটোৰ মেনেজাৰ হিচাপে কৰ্মৰত ৰফিকুল হুছেইনে সহযোগী কৃষ্ণ দাস নামৰ যুৱক জনৰ সৈতে মিলি এই চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰি ইতিমধ্যেই নলবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰে ব্যৱসায়ী দুলু শইকীয়াই।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande