
বৰপেটা, ০৮ ডিচেম্বৰ (হি.স.): বজালী নিত্যানন্দত নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ঘন কুঁৱলীৰ মাজতো খেল পথাৰত খেল প্ৰেমী দৰ্শকে উথপথপ লগাইছিল। বজালী নিত্যানন্দ আঞ্চলিক ক্ৰীড়া সন্থা আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সহযোগত প্ৰাইজমানি নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
উল্লেখ্য যে ৭ ডিচেম্বৰ সন্ধিয়াৰ পৰা অনুষ্ঠিত হোৱা উক্ত ফুটবল প্ৰতিযোগিতা সামৰনি পৰিব ১১ ডিচেম্বৰ তাৰিখে।বজালী অঞ্চলৰ বিভিন্ন প্ৰতিভাবান খেলুৱৈ সকলক উৎসা উদ্দীপনাৰ জৰিয়তে প্ৰতিভা বিকাশ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে উক্ত খেলখন। প্ৰয়াত কনক চন্দ্ৰ কলিতা আৰু প্ৰয়াত পদ্মৰাম দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতা খন উদ্বোধন কৰে বজালী জিলা বিজেপি সভাপতি মুকুট কলিতাই ।
পাঁচ দিনীয়াকৈ অনুষ্ঠিত কৰা উক্ত খেলত বিজয় দলে লাভ কৰিব ৩০,০০০ টকা আৰু দ্বিতীয় দলে লাভ কৰিব ২০ হাজাৰ টকা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ