
দৰং, ০৮ ডিচেম্বৰ (হি.স.)। সম্প্ৰতি আঘোনৰ সোণোৱালী পথাৰৰ পৰা সোণগুটি চপোৱাৰ বতৰ। ইয়াৰ ব্য়তিক্ৰম হোৱা নাই দৰং জিলাৰ খেতিয়কসকলো। সোণগুটি চপাবলৈ পুৰণি পৰম্পৰা অক্ষুন্ন ৰাখিছে মঙ্গলদৈৰ কুমাৰপাৰা গাওঁ বাসী ৰাইজে। হাতে হাতে কাচি লৈ ওলাই আহিল গাৱঁৰ ৰাইজ।
গাঁৱৰ ৰাইজে একেলগ হৈ ধান কটা পৰ্ব কৰিলে সম্পন্ন। মঙ্গলদৈ সমষ্টিৰ সাঠেয়া কুমাৰপাৰা গাঁৱৰ প্ৰায় ৫০ গৰাকী লোকে ধান কাটি দেখুৱালে একতাৰ নিদৰ্শন। উল্লেখ্য় যে ৰাইজে ধান কাটি পোৱা ৰাহি ধনেৰে প্ৰতি বছৰে গাঁৱৰ উন্নয়নমূলক কামত ব্যৱহাৰ কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা