দক্ষিণ কামৰূপৰ লোহাৰঘাট বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ জোঁৰ সমদল
দক্ষিণ কামৰূপৰ লোহাৰঘাট বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই আয়োজন কৰা জোঁৰ সমদল।
দক্ষিণ কামৰূপৰ লোহাৰঘাট বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ জোঁৰ সমদল


কামৰূপ, ০৮ ডিচেম্বৰ (হি.স.): প্ৰতিবাদ মুখৰ হৈ পৰিছে অসমৰ চৌদিশ ৷ এইবাৰ পুনৰ জ্বলি উঠিছে ৰাভা হাছং। ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদত নামিছে ৰাভা জনজাতীয় দল–সংগঠনসমুহ। একেদৰেই সদৌ ৰাভা ছাত্ৰ সন্থাৰ আহ্বানত যোৱা কালি দেওবাৰে সন্ধিয়া দক্ষিণ কামৰূপৰ লোহাৰঘাট বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই আয়োজন কৰা জোঁৰ সমদলত অংশগ্ৰহণ কৰে ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতিকে ধৰি ৰাভা সংগঠনসমূহে।

দাবী পূৰণৰ ক্ষেত্ৰত ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহলৈ সময়সীমা বান্ধি দিলে ৰাভা ছাত্ৰ সন্থাই। বাগানৰ জাৰাপাতা খেলপথাৰৰ পৰা প্ৰায় এক কিলোমিটাৰ ৰাজপথেৰে জোৰ সমদল উলিয়াই হেজাৰ হেজাৰ লোকে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি আহি পুনৰ উক্ত খেলপথাৰতেই সামৰণি মাৰে। আনহাতে শীঘ্ৰে ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় । অন্যথা পুনৰ ৰাভা হাছং এলেকা অশান্ত হৈ পৰিব বুলি মন্তব্য কৰে প্ৰতিবাদী সকলে । তাৰ পিছতো যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ’লে পুনৰ সমগ্ৰ ৰাভা হাছঙত জংগী আন্দোলনৰ হুংকাৰ দিয়াৰ লগতে ২৬ ৰ বিধান সভা নিৰ্বাচনত চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ কথাও উল্লেখ কৰে উপস্থিত দল সংগঠন সমূহৰ নেতা কৰ্মীসকলেয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande