
কোকৰাঝাৰ, 8 ডিচেম্বৰ (হি.স.)। নেচনেল স্কুল গেমচ টাইকোৱানডোত কোকৰাঝাৰৰ দুগৰাকী খেলুৱৈৰ ব্ৰঞ্জ মেডেল
কোকৰাঝাৰত আনন্দৰ জোৱাৰ, সম্বৰ্ধনা জ্ঞাপন।
জম্মু কাশ্মীৰত অনুষ্ঠিত হৈ যোৱা ৬৯ সংখ্যক নেচনেল স্কুল গেমচ টাইকোৱানডো প্ৰতিযোগিতাত কোকৰাঝাৰৰ দুগৰাকী টাইকোৱানডো খেলুৱৈয়ে পদক অৰ্জনেৰে সুনাম কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমৰ লগতে বিটিচি বাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা উক্ত খেলুৱৈ দুগৰাকী হৈছে স্মৃতি বসুমতাৰী আৰু চিনাইথি বসুমতাৰী । দুই গৰাকী বড়ো ভূমিৰ মুখ্য সদৰ কোকৰাঝাৰৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। অসমৰ পৰা প্ৰতিনিধিত্ব কৰা উক্ত দুয়ো গৰাকী খেলুৱৈক আজি আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি অনুপ্ৰাণিত কৰা হয়। সেই পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ টাইকোৱানডো জিমনাচিয়ামত কোকৰাঝাৰ জিলা টাইকোৱানডো সন্থাৰ তৰফৰ পৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰি ফুলাম আৰ'নাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা