কামপুৰত স্বৰ্গীয় যুগল চন্দ্ৰ গোস্বামী সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ চুড়ান্ত খেল
নগাঁও, 8 ডিচেম্বৰ (হি.স.)। কামপুৰত স্বৰ্গীয় যুগল চন্দ্ৰ গোস্বামী সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ চুড়ান্ত খেল। কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হৈ থকা স্বৰ্গীয় যুগল চন্দ্ৰ গোস্বামী সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ দেওবাৰে অনুষ্ঠিত হয় চুড়ান্
কামপুৰত স্বৰ্গীয় যুগল চন্দ্ৰ গোস্বামী সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ চুড়ান্ত খেল


নগাঁও, 8 ডিচেম্বৰ (হি.স.)। কামপুৰত স্বৰ্গীয় যুগল চন্দ্ৰ গোস্বামী সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ চুড়ান্ত খেল। কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হৈ থকা স্বৰ্গীয় যুগল চন্দ্ৰ গোস্বামী সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ দেওবাৰে অনুষ্ঠিত হয় চুড়ান্ত খেল খন ।

এই চুড়ান্ত খেল খন খেলিবলৈ যোগ্যতা অৰ্জন কৰে গোলাঘাট আমলাপট্টি ফুটবল একাদশ বনাম চাইবুক গাঁও ফুটবল একাদশে । দুই দলৰ দুভৰিৰ যাদুত আপ্লুত হয় দৰ্শক সকল ৷ উত্তেজনামূলক খেলখনত ২-১ গ'লত গোলাঘাট আমলাপট্টি ফুটবল একাদশ বিজয়ী হয় ।চুড়ান্ত খেল খনৰ শুভ উদ্বোধন আৰু বিজয়ী দলক বঁটা বিতৰণ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে । প্ৰথম পুৰস্কাৰ নগদ ৫০ হাজাৰ টকা লগত বঁটা আৰু দ্বিতীয় পুৰস্কাৰ নগদ ৩০ হাজাৰ টকা লগত বঁটা ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande