
ধুবুৰী, ০৮ ডিচেম্বৰ (হি.স.): দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ ভাতৃ সংগঠন দেশী যুৱ ছাত্ৰ মঞ্চ, অসমৰ ধুবুৰী জিলা সমিতিৰ পূৰ্ণাঙ্গ সমিতি গঠন কৰা হয়। যোৱা ১৪ অক্টোবৰ, ২০২৫ ইং তাৰিখে গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত দেশী যুৱ ছাত্ৰ মঞ্চ, অসমৰ ধুবুৰী জিলা সমিতিৰ তৃতীয় দ্বি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। অধিৱেশনৰ প্ৰতিনিধি সভাত সৰ্বসন্মতিক্ৰমে জিলা সভাপতি আৰু সম্পাদক নিৰ্বাচিত কৰা হয়।
প্ৰায় দুই মাহ দীৰ্ঘ মন্থন আৰু আলোচনা মৰ্মে প্ৰায় সকলো আঞ্চলিক তথা অঞ্চল সামগ্ৰী এখন ৩৫ জনীয়া শক্তিশালী ধুবুৰী জিলা সমিতিৰ পূৰ্ণাঙ্গ সমিতি গঠন কৰি কালি সন্ধিয়া আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয়। সভাপতি হিচাপে ছাইফুৰ ৰহমান ( ৰিকি) আৰু সধাৰণ সম্পাদক হিচাপে আব্দুছ ছফুৰ আলী ৰ লগতে ৩৩ জন যুৱ সদস্যক বিভিন্ন পদৰ দ্বায়িত্ব অৰ্পন কৰা হয়। ইয়াৰ লগতে উল্লেখনীয় যে সকলোৰে হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গকলৈ সমগ্ৰ ৰাজ্য আৱেগিক হৈ থকাৰ বাবেও পূৰ্ণাঙ্গ সমিতি ঘোষণা অলপ পলম হয় বুলি জিলা সভাপতি ছাইফুৰ ৰহমানে জানিব দিয়ে।
আজি গৌৰীপুৰত অৱস্থিত দেশী সকলৰ গৌৰৱ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিচ্ছৱিত মাল্যদান আৰু পুষ্পাঞ্জলি দি পূৰ্ণাংগ কমিটী খন ঘোষণা কৰা হয়। অহা ২৮ তাৰিখে গোলোকগঞ্জত শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰিছে, উক্ত অনুস্থানত সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ