জুইত জাহ গ’ল কোটি টকাৰ সম্পত্তি
জুইত জাহ গৈ আছে কোটি টকাৰ সম্পতি ।
জুইত জাহ গ’ল কোটি টকাৰ সম্পত্তি


তিনিচুকীয়া, ০৮ ডিচেম্বৰ (হি.স.): তিনিচুকীয়া জিলাৰ লিডুৰ মাজমজিয়াত থকা দুখন ব্যৱসায়িক প্ৰতিষ্ঠানত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। ৰেচন সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আজি পুৱতি নিশা ৪ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ।

খৱৰ পোৱাৰ পাছত ৮ খন অগ্নিনিৰ্বাহক গাড়ী ব্যৱহাৰ কৰা হৈছে অগ্নিনিৰ্বাপনৰ বাবে । এতিয়াও নিৰ্বাপিত হোৱা নাই জুই । আনুমানিক কোটি টকাৰো অধিক মূল্যৰ সা -সামগ্ৰী অগ্নিত জাহ যোৱাৰ সন্দেহ কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande