লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত
লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত


হোজাই, ০৮ ডিচেম্বৰ (হি.স.): হোজাই জিলাৰ লামডিঙত যোৱা কালি দেওবাৰে বিয়লি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। সমাজ বাৰী পথৰ নিবাসী অভিজিৎ দেৱ নামৰ এজন ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিকাণ্ডত ঘৰৰ ভিতৰৰ ব্ৰইলাৰ কুকুৰা ফাৰ্মখন সম্পূৰ্ণৰূপে জুইত জাহ যায় | ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে সফলতাৰে জুই নিৰ্বাপন কৰে। এই অগ্নিকাণ্ডৰ ফলত ৩ লাখৰো অধিক টকাৰ সা-সম্পত্তিৰ ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে।ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে |

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande