শিৱসাগৰৰ দিচাংমুখৰ জেইল গাৱঁত বনৰীয়া হাতীৰ তাণ্ডৱ
শিৱসাগৰৰ দিচাংমুখৰ জেইল গাৱঁত বনৰীয়া হাতীৰ তাণ্ডৱ।
শিৱসাগৰৰ দিচাংমুখৰ জেইল গাৱঁত বনৰীয়া হাতীৰ তাণ্ডৱ


শিৱসাগৰ, ০৮ ডিচেম্বৰ (হি.স.): শিৱসাগৰৰ দিচাংমুখৰ জেইল গাৱঁত যোৱা কালি দেওবাৰে নিশা বনৰীয়া হাতীৰ তাণ্ডৱ চলে। বন্যহস্তীয়ে ঘৰ বাৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আহত হয় তিনি জন ব্যক্তি। আহত কেইজন হৈছে ক্ৰমে তীৰ্থ হাজৰিকা (৩৬) ঋতিস্না হাজৰিকা(১৮) আৰু আকণ্টো হাজৰিকা(৩৮)।

আহত কেইজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অন্যহাতে বনবিভাগে বন্যহস্তী খেদাবলৈ উচিত পদক্ষেপ গ্ৰহণ নকৰা অভিযোগ উত্থাপন কৰে ৰাইজে। যাৰ বাবে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। ঘটনাস্থলীত শিৱসাগৰৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande