
বৰপেটা, ০৮ ডিচেম্বৰ (হি.স.): পুনৰ বজালী মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ দাবী তুলিছে দল সংগঠনে । বজালী মহাবিদ্যালয় এটা নাম আছিল, যাৰ আছিল ইতিহাস l হীৰক জয়ন্তী উদযাপন কৰা নামনি অসমৰ ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয় এতিয়া এক বিলুপ্ত নামl তাৰ পৰিৱৰ্তে প্ৰাপ্ত ভট্টদেৱ বিশ্ববিদ্যালয় শীঘ্ৰেই আতৰি যাব পাঠশালা নগৰৰ পৰা l এতিয়া সৰব দাবী, ঘূৰাই লাগে বজালী মহাবিদ্যালয় ।
বহু শ্ৰম ত্যাগ আৰু আশাৰ অন্তত ১৯৫৫ চনত স্থাপন হৈছিল বজালী মহাবিদ্যালয় l পাঠশালাবাসীৰ আবেগ জড়িত আছে এই মহাবিদ্যালয়ৰ সতে lবিশ্ববিদ্যালয়লৈ উন্নীত ভট্টদেৱ বিশ্ববিদ্যালয় স্থানান্তৰিত হব আন সমষ্টিলৈ lপুনৰ দাবী উঠিছে বজালী মহাবিদ্যালয় উভতাই দিয়াৰ l বজালীৰ বৰেণ্য পুৰুষ কামেশ্বৰ দাসৰ নেতৃত্বত ১৯৫৫ চনত পাঠশালাত স্থাপন হৈছিল উচ্চ শিক্ষাৰ কেন্দ্ৰ থল বজালী মহাবিদ্যালয় l বজালীৰ প্ৰজন্মই এই মহাবিদ্যালয়ক সাৰথি কৰিয়েই আগুৱাইছিল প্ৰগতিৰ পথত l ইফালে ২০১৯ বৰ্ষত বজালী মহাবিদ্যালয় উন্নীত হ’ল ভট্টদেৱ বিশ্ববিদ্যালয়লৈ l কিন্তু এতিয়া ক্ষেত্ৰ পৰিসৰৰ ভিত্তিত শীঘ্ৰেই পাঠশালাৰ পৰা ভবানীপুৰ সৰভোগ সমষ্টিৰ মেধিকুছিলৈ স্থানান্তৰিত হ’ব বিশ্ব বিদ্যালয় খন l এই ক্ষেত্ৰতো বজালী বাসীৰ আছে সহমত কিন্তু পাঠশালা হেৰাই যোৱা বজালী মহাবিদ্যালয় পুনৰ প্ৰতিষ্ঠাৰ দাবী উত্থাপন হৈছে সজোৰে l
ইতিমধ্যে মেধিকুছিত নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণ হৈছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ l অপেক্ষা মাথো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধনৰ l সকলোৰে বিশ্ববিদ্যালয়ৰ বাবে আছে শুভকামনা l কিন্তু এতিয়া মানি ল’ব পৰা নাই বজালী মহাবিদ্যালয় বিলুপ্তিৰ কথা l সেয়েহে বজালীৰ প্ৰতিটো দল সংগঠনে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ বাবে একে মুখে পুনৰ পূৰ্বৰ স্থানত বজালী মহাবিদ্যালয় ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰিছে l
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ