
কোকৰাঝাৰ, ০৮ ডিচেম্বৰ (হি.স.): অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত কয়লাৰ ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰতিখন কয়লাৰ গাড়ীয়ে দিব লাগে বৃহৎ অংকৰ ধন। ধন নিদিলে বংগলৈ যাবই নোৱাৰে কয়লাৰ গাড়ী। শ্ৰীৰামপুৰ ধাবা, পেট্ৰোল পাম্প ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা হৈছে কয়লাৰ গাড়ী সমূহ।
এই গাড়ী সমূহ ধন দিলেই বংগলৈ যোৱাৰ বাবে পাব চক্ৰৰ পৰা গ্ৰীণ ছিগনেল। বংগৰ লৈ যোৱাৰ বাবে প্ৰতিখন কয়লাৰ গাড়ী দিব লাগে ১ লাখ ৮০ হাজাৰ কৈ ধন। বহিঃ ৰাজ্যৰ বিহাৰ, পাঞ্জাব, ঝাৰখণ্ড লৈ যোৱাৰ বাবে ২ লাখ ৪০ হাজাৰ কৈ ধন। অসম আৰু বংগ পাৰ কৰাৰ বাবে দিব লাগে এই বৃহৎ ধন। কয়লাৰ গাড়ী পাৰ কৰাৰ বাবে দিছপুৰৰ আশীৰ্বাদ থকা বুলিও চৰ্চিত হৈছে। অভিযোগ মতে শ্ৰীৰামপুৰ, শিমূলটাপু আৰু বংগ বাৰভিচাত আছে ছিণ্ডিকেট বাহিনী। জানিব পৰামতে PB 05 AR 9294, JH 11 AE 8215, WB 59B 8571, JH 09 BB 2424, WB 21B 1938, NL 01 AF 3716, BRO6 GG 6122, NL 01 AH 6661 নম্বৰৰ গাড়ী কেইখন ৰখাই থোৱা হৈছে আৰু এন্ট্ৰী হলেই যাব এই নম্বৰৰ কয়লাৰ গাড়ী সমূহ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ