
তিনিচুকীয়া, ০৮ ডিচেম্বৰ (হি.স.): চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয় আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত যোৱা কালি দেওবাৰে সন্ধিয়া অনুষ্ঠিত হয় ১৭ বছৰ অনুৰ্ধৰ “চি এম কাপ” ফুটবল প্ৰতিযোগিতা ৷ ডুমডুমা নগৰ খেলপথাৰত দৈমুখীয়া চাহ বাগিচা আৰু কুমচাং চাহ বাগিচাৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখন খেল উদ্বোধন কৰে ডুমডুমাৰ বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালাই ৷
খেলখনৰ উদ্বোধনী ভাষণত মন্ত্ৰী গোৱালাই কয়, চাহ বাগিচা সমূহত লুকাই থকা প্ৰতিভাবান ফুটবল খেলুৱৈসকলক উলিয়াই আনি একোজন দক্ষ খেলুৱৈ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “চি এম কাপ” প্ৰতিযোগিতা আৰম্ভ কৰিছে ৷ এই ফুটবল প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত দলে ক্ৰমে- ৩ লাখ, ২ লাখ আৰু ১ লাখ টকা লাভ কৰিব ৷ প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত কৰাৰ উপৰি দুৰ্দান্ত খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলক চৰকাৰে উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব ৷
মন্ত্ৰী গৰাকীয়ে জানিব দিয়া মতে, “চি এম কাপ”ত ডুমডুমা চাৰ্কোলৰ চাহ বাগিচা সমূহৰ পৰা মুঠ ১৮ টা ফুটবল দলে অংশগ্ৰহণ কৰিব ৷ ডুমডুমাত অনুষ্ঠিত প্ৰথমখন খেলত দৈমুখীয়াই ১-০ গ’লত কুমচাং চাহ বাগিচাক পৰাস্ত কৰে ৷ দিবা নৈশ খেলখনৰ আৰম্ভণিৰ পৰা অনুষ্ঠানত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে ডুমডুমা সম-জিলা আয়ুক্ত আৰু ক্ৰীড়াবিদসকলে মন্ত্ৰী গোৱালাক সংগ দিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ