
কামৰূপ, ০৮ ডিচেম্বৰ (হি.স.)। উত্তৰ পূবৰ দূৱাৰমুখ বাইহাটা চাৰিআলি বৰ্তমানে পৰিণত হৈছে অবৈধ কাৰ্যকলাপৰ মুলঘাটিলৈ । বিশেষকৈ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহত পেলোৱা ড্ৰাগছ, নিচাযুক্ত নিষিদ্ধ টেবলেট বাইহাটা চাৰিআলিত সহজলভ্য। আমিনগাঁওৰ পৰা ৰঙিয়া, বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গঢ় লৈ উঠিছে সৰু বৰ হোটেল ৰেস্তোৰাঁ লজ আদি। প্ৰায় সংখ্যক হোটেল ৰেস্তোৰাঁ লজত থকাখোৱাৰ উপৰিও দিনে নিশাই চলে অবৈধ কাৰ্যকলাপ।
ধাবা লজত চলা মাদক দ্ৰব্যৰ উপৰিও নাৰী দেহৰ ৰমৰমীয়া বেহাই বাইহাটা চাৰিআলিক পৰিণত কৰিছে অবৈধ ৰেডলাইট অঞ্চললৈ। শেহতীয়াকৈ গুৱাহাটী অভিমুখী পথৰ দুই তিনি খন লজত সংঘটিত হোৱা অবৈধ কামকাজত লজ্জানত কৰিছে বৃহত্তৰ অঞ্চলবাসীক। এগৰাকী হিন্দু নাবালিকাক ফুচুলাই ইছলাম ধৰ্মৰ যুবক ৰাহুল আমিনে ওৰে নিশা ৰখাৰ বাবে লৈ আহে গুৱাহাটী পথৰ এখন লজ লৈ। নিশাৰ ভাগত নাবালিকা গৰাকীৰ অত্যাধিক ৰক্তক্ষৰণৰ বাবে চিকিৎসাধীন হ'ব লগা হয় আৰু পোহৰলৈ আহে লজখনৰ সমগ্ৰ কু– কৰ্ম। বিগত সময়ত পাকিস্তান জিন্দাবাদ দি কাৰাবাস খোৱা ৰাহুল আমিনে বাইহাটা চাৰিআলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে জেললৈ। চকুমুদা কুলিৰ ভাওজোৰা আৰক্ষী প্ৰশাসনে পাৰিবনে ৰোধ কৰিব এই অবৈধ কামকাজ ।সেয়া সন্দেহৰ আৱৰ্তত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা