
ডিব্ৰুগড়, ০৮ ডিচেম্বৰ (হি.স.): অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ৰাজগড় শাখাত বিত্তীয় কেলেংকাৰী আৰু প্ৰৱঞ্চনাৰ সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত যোৱা কালি দেওবাৰে সন্ধিয়া এক সংবাদমেল যোগেৰে এই কথা সদৰি কৰিলে ৰাজগড় শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি বিকি কৰুৱা আৰু ভাৰপ্ৰাপ্ত সম্পাদক নৰেশ গোৱালাই ।
ৰাজহুৱা পুঁজি আত্মসাৎ আৰু সাধাৰণ ৰাইজক প্ৰৱঞ্চনা কৰাৰ অভিযোগত ৩ ডিচেম্বৰত অনুষ্ঠিত এক জৰুৰী সভাত ৰাজগড় শাখাৰ সভাপতি পংকজ তাচা আৰু সম্পাদক বাবুল চিকক নিলম্বন কৰি ৰাজগড় শাখাৰ উপ-সভাপতি বিকি কৰুৱাক ভাৰপ্ৰাপ্ত সভাপতি আৰু নৰেশ গোৱালাক ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয় ।
অভিযোগ অনুসৰি, সভাপতি আৰু সম্পাদকে বৰডুবি ইঞ্জিনিয়াৰিং ৱৰ্কশপৰ পাইপ লাইনৰ কামৰ বাবদ অহা প্ৰায় ১২ লাখ টকা জিলা সমিতিৰ প্ৰাক্তন নেতাৰ সৈতে মিলি আত্মসাৎ কৰে। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীৰ পুঁজিৰ অধীনত নিৰ্মাণ হ’বলগীয়া ৮৭ লাখ টকীয়া নীলমনি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ কামটো কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ এজন ঠিকাদাৰক ১০ লাখ টকাত বিক্ৰী কৰাৰো অভিযোগ উঠিছে । কেৱল বিত্তীয় কেলেংকাৰীয়েই নহয়, সভাপতি পংকজ তাচাৰ বিৰুদ্ধে আহিছে এক অমানৱীয় প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছিল। অভিযোগ অনুসৰি, তেওঁ দীপা ভূমিজ নামৰ এগৰাকী মহিলাৰ পৰা এখন বাহন ক্ৰয় কৰি বেংকৰ কিস্তি পৰিশোধ নকৰাত মহিলাগৰাকীয়ে মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ দৰে পথ বাছি ল’বলৈ উদ্যত হৈছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ