কলিয়াবৰত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
কলিয়াবৰত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।
কলিয়াবৰত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য


গোলাঘাট, ০৮ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰত ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা সদৌ অসম ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস অনুষ্ঠানৰ অগ্ৰগতিৰ বুজ ল'বলৈ আহি যোৱা কালি দেওবাৰে নিশা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত হয় আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। বাৰ্তালাপত তেওঁ আছুৰ কাম–কাজৰ বিষয়ে আলোকপাত কৰে।

আঞ্চলিক ছাত্ৰ সন্থাৰ কাম কলিয়াবৰৰ পৰা শিকিছিলো আৰু আজিও শিকি আছো বুলি উল্লেখ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। তেওঁ কয় যে ছাত্ৰ সন্থাৰ ব্যাকৰণ শিকিছিলো কলিয়াবৰৰ পৰা। কলিয়াবৰৰ পৰা আজিও অভিভাৱকত্ব বিচাৰো।’ ইফালে আধ্যাত্মিক সংস্কাৰৰে আগুৱাই যাবলৈ কলিয়াবৰৰ পৰাই বাট পোৱা যায় বুলিও ব্য়ক্ত কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। কলিয়াবৰত ‘কলিয়াবৰ আছুৰ উদ্যোগত’ সমল ব্যক্তিৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে বিষয় অধ্যয়ণ কেন্দ্ৰ স্থাপনৰ পৰামৰ্শ দিয়ে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। তেওঁ আৰু কয় যে অসম আন্দোলনৰ সময় যিমান জটিল আছিল এতিয়া সময় আৰু ভয়াৱহ হল। জনবিন্যাস পৰিৱৰ্তন হল। কলিয়াবৰত উপস্থিত হৈ এই মন্তব্য প্ৰদান সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande