
ধুবুৰী, ০৮ ডিচেম্বৰ (হি.স.): অ'হা ১৬ ডিচেম্বৰত ৰে’লপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে কামতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ নেতৃত্বই। কামপুৰ পুনৰ গঠন, কোচ ৰাজবংশীক জনজাতিকৰণ, কে এল অ’ৰ লগত শান্তি আলোচনা সম্পূৰ্ণ কৰাৰ লগতে কোচ ৰাজবংশী ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰনৰ দাবীত ১০০ ঘন্টীয়া অনশন কাৰ্যসূচী যোৱা কালি সমাপ্ত হৈছে।
এই অনশন কাৰ্যসূচীক লৈ চৰকাৰৰ কোনো সদিচ্ছা নেদেখুৱাৰ বাবেই অ'হা ১৬ ডিচেম্বৰত ৰে’লপথ অৱৰোধৰ হুংকাৰ দিছে কামতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ লগতে বিভিন্ন কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠনৰ নেতা–কৰ্মীসকলেয়ে।
প্ৰণিধানযোগ্য় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতাত অধিষ্ঠিত হ'লে অসমৰ ছয় জনগোষ্ঠী ক্রমে- মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মর্যদা দিব বুলি বিজেপিয়ে অসমবাসীক নিৰ্বাচনী প্রতিশ্রুতি দিছিল । পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ পিছত বিজেপি চৰকাৰৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নহ’ল ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ