
হোজাই, ০৭ ডিচেম্বৰ (হি.স.): হোজাই ঠাকুৰ বাৰী ৰোডস্থিত হোটেল এখনত সংঘটিত ঘটনাক লৈ শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। যোৱাকালি নিশা হোজাই চেভেন হেভেন ৰেষ্টুৰেণ্টৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰেষ্টুৰেণ্টৰ বিল্ডিঙত এগৰাকী ছোৱালীৰ চিঞৰ শুনা পাই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে হোটেলত থকা কৰ্মচাৰীক মাতিবলৈ চেষ্টা কৰে। কিন্তু কোনেও যেতিয়া হোটেলৰ বিল্ডিঙৰ পৰা ওলাই নাহিল তেতিয়া আৰক্ষীক খবৰ দিয়া হয়।
ইফালে বিল্ডিঙৰ ওপৰৰ পৰা পথৰ ওপৰত সুৰাৰ বটল পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হয় চেভেন হেভেন নামৰ এখন হোটেলত। নিশা ভাগত এগৰাকী যুৱতীয়ে বচাওক বচাওক বুলি চিঞৰি বাখৰ কৰে লগতে হোটেল খনৰ পৰা মদ বটল ওপৰৰ পেলাই দিয়া প্ৰতক্ষ কৰিছিল সেই স্থানত থকা বিভিন্ন লোক সকলে। ইফালে সাংবাদিক দলক স্থানীয় ৰাইজে হোটেলখনলৈ সোমাই যাব কৈছিল কিন্তু হোজাই পুলিচে সাংবাদিক সোমাব নিদিলে। ইফালে হোজাই পুলিচ প্ৰশাসনে সমস্ত ঘটনা গাপ দিয়া চেষ্টা চলোৱাৰ অভিযোগ উঠিছে । ৰাইজে অভিযোগ কৰামতে এই হোটেল খনত আগতেও বহু অবাঞ্ছিত ঘটনা সংঘটিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ