(আপডেট)কোকৰাঝাৰৰ খুলটুংপাৰাত হত্যাকাণ্ড
কোকৰাঝাৰ, ০৭ ডিচেম্বৰ (হি.স.)। কোকৰাঝাৰৰ নায়েকগাঁৱৰ খুলটুংপাৰাত অঘটন ৷পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি শনিবাৰে নিশা নিজ স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে ৷ স্বামীৰ লাঠিৰ কোবত প্ৰাণ হেৰুৱা মহিলা গৰাকীৰ নাম মঞ্জু মুণ্ডা ( ৩৬ ) ৷স্বামী খগেন মুণ্ডাৰ লাঠি
(আপডেট)কোকৰাঝাৰৰ খুলটুংপাৰাত হত্যাকাণ্ড


কোকৰাঝাৰ, ০৭ ডিচেম্বৰ (হি.স.)। কোকৰাঝাৰৰ নায়েকগাঁৱৰ খুলটুংপাৰাত অঘটন ৷পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি শনিবাৰে নিশা নিজ স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে ৷ স্বামীৰ লাঠিৰ কোবত প্ৰাণ হেৰুৱা মহিলা গৰাকীৰ নাম মঞ্জু মুণ্ডা ( ৩৬ ) ৷স্বামী খগেন মুণ্ডাৰ লাঠিৰ কোবত স্ব–গৃহতে প্ৰাণ হেৰুৱায় মঞ্জু মুণ্ডাই ৷ নিশা নিজ গৃহতে মদ্যপান কৰি দম্পত্তি হালৰ মাজত কাজিয়াৰ সুত্ৰপাত হোৱাত অধিক উত্তেজিত হই স্বামী খগেন মুণ্ডাই নিৰ্বিচাৰ ভাবে প্ৰহাৰ কৰে পত্নীক। স্বামীৰ প্ৰহাৰত মৃত্যু হই পত্নী মঞ্জু মুণ্ডাৰ।

আজি উক্ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈ কোকৰাঝাৰ আৰক্ষীৰ দলে তদন্ত আৰম্ভ কৰিছে ৷আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে ৷ পত্নী হন্তা খগেন মুণ্ডাক আৰক্ষীয়ে ইতিমধ্যে আটক কৰা বুলি জানিব পৰা গৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande