
ডিব্ৰুগড়, ০৭ ডিচেম্বৰ (হি.স.): ডিব্ৰুগড় জিলাৰ টিংখাঙৰ আধ্যাত্মিক প্ৰাণকেন্দ্ৰ স্বৰূপ ধৰ্মজ্যোতি নামঘৰে সগৌৰৱে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। ১৯৭৬ চনত টিংখাঙৰ ২ নং কছলো পথাৰত প্ৰতিষ্ঠা লাভ কৰা নামঘৰ ভাগিৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে।
সোণালী জয়ন্তী কাৰ্যসূচীৰ লগত সংগতি ৰাখি নামঘৰৰ প্ৰাঙ্গনৰ পৰা এক বিশাল ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। শোভাযাত্ৰাত শংকৰী কলা-কৃষ্টিৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয় ৰীতি-নীতি, পৰম্পৰাৰ বৰ্ণিল সমাহাৰ পৰিস্ফুট হয়। সোণালী জয়ন্তী উপলক্ষে নাম-প্ৰসঙ্গৰে মুখৰিত হৈ পৰিছে নামঘৰৰ প্ৰাঙ্গন। সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন আধ্যাত্মিক অনুষ্ঠান, ধৰ্মালোচনাৰ লগতে গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰা হ'ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ