নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস
নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস।‌
নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস


গোলাঘাট, ০৭ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস।‌ পোৰাবাংলাৰ গিদিবস্তি অঞ্চলত যোৱা কালি শনিবাৰে সন্ধিয়া বনৰীয়া

হাতীয়ে আক্ৰমণ কৰে এজন লোকক । গুৰুতৰভাৱে আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। গাঁৱৰ পথতেই আক্ৰমণৰ সন্মুখীন হয় লোকজন । আহত লোকজনৰ নাম আগষ্ট মাঝি বুলি জনা গৈছে।‌

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande