
নতুন দিল্লী, ০৭ ডিচেম্বৰ (হি.স.)। শেহতীয়াকৈ ইণ্ডিগ’ৰ বিমান সেৱাৰ ব্যাপক পৰিচালনা আৰু কাৰিকৰী ব্যাঘাতৰ পাছত কোম্পানীটোৰ পৰিচালনা সমিতিয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এটা বিশেষ সংকট ব্যৱস্থাপনা গোট (চিএমজি) গঠন কৰিছে। যাত্ৰীসকলৰ অসুবিধা দূৰ কৰাৰ লগতে স্বাভাৱিক বিমান পৰিচালনা পুনৰুদ্ধাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
দেওবাৰে কোম্পানীটোৱে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে বিশেষ গোটটোত বিক্ৰম সিং মেহতা (অধ্যক্ষ), গ্ৰেগ ছাৰেটস্কি, মাইক হুইটেকাৰ, অমিতাভ কাণ্ট, আৰু চিইঅ’ পিটাৰ এলবাৰ্ছ আছে। দলটোৱে সঘনাই পৰ্যালোচনা বৈঠকৰ জৰিয়তে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰিচালনাৰ পৰা নিয়মীয়াকৈ আপডেট লাভ কৰি আছে।
কোম্পানীটোৰ এগৰাকী মুখপাত্ৰৰ মতে, ব’ৰ্ডে এই সমস্যা সমাধানৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অতি সোনকালে বিমান পৰিচালনা পুনৰ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে ক্ষতিগ্ৰস্ত যাত্ৰীসকলে সম্পূৰ্ণ ধন ঘূৰাই পাব, আৰু বিকল্প বিমান বাছি লোৱাৰ বাবে কোনো মাচুল লোৱা নহ’ব।
ইণ্ডিগ’ পৰিচালনা সমিতিয়ে আশ্বাস দিছে যে যাত্ৰীৰ সুবিধা আৰু সুৰক্ষা তেওঁলোকৰ শীৰ্ষ অগ্ৰাধিকাৰ, আৰু ভৱিষ্যতে এনে বিঘিনি ঘটাটো নিশ্চিত কৰিবলৈ এক সম্যক পৰ্যালোচনা আৰু উন্নতি প্ৰক্ৰিয়া ৰূপায়ণ কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ