
নলবাৰী, ০৭ ডিচেম্বৰ (হি.স.)। নলবাৰীৰ বৰধনৰাৰ-হাতৰবড়ীত ১০০০ ছাত্র- ছাত্রীৰ দ্বাৰা কৰা হয় সামুহিক গীতা শ্লোক পাঠ। নলবাৰীৰ বৰধনৰাৰ-হাতৰবড়ী গোপাল মন্দিৰ প্রাংগণত ৰাজেন্দ্র নাথ বুজৰবৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সহযোগত সাতদিনীয়া গীতা জয়ন্তীৰ আজি সামৰণি পৰে।
সামৰণিৰ দিনা ১০০০ ৰো অধিক ছাত্র- ছাত্রী,ভক্তৰ দ্বাৰা সামুহিক গীতা পাঠ কৰা হয় । এই উপলক্ষে পুৱা বিষ্ণুহোম যজ্ঞ আৰম্ভ আৰু পূর্ণাহুতি প্রদান কৰা হয়। সহস্ৰাধিক মহিলাই মুৰত গীতা লৈ কৰে এক নান্দনিক সমদল। পুৱা ৯ বজাত বেদ বিদ্যালয়ৰ ছাত্র- ছাত্রী সকলৰ দ্বাৰা গীতা শ্লোক পাঠ কৰাৰ পাছতে ধৰ্মীলোচনী সভা অনুষ্ঠিত হয়। ইয়াৰ পিছত উদ্বোধনী ভাষণ দিয়ে কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ প্রহ্লাদ আৰ. যোশীয়ে।
সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্রৰ ক্ষেত্র প্রচাৰক বশিষ্ঠ বুজৰবৰুৱা, গুৱাহাটী, প্রাগজোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্যা স্মৃতি কুমাৰ সিনহাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আশীষ বচন প্রদান কৰে নাৰায়ণপুৰ, শ্রী শ্রী ধুৱাহাট বেলগুৰি সত্র, সত্রাধিকাৰ মুনীন্দ্র নাৰায়ণ দেৱগোস্বামীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা