মণিপুৰত গ্ৰেপ্তাৰ বিভিন্ন উগ্ৰপন্থী সংগঠনৰ এঘাৰজন উগ্ৰপন্থী
ইম্ফল, ০৭ ডিচেম্বৰ (হি.স.)। মণিপুৰত ধন দাবী আৰু উগ্ৰপন্থী কাৰ্যকলাপৰ বিৰুদ্ধে এক বৃহৎ দমন কাৰ্যসূচীত বিগত ২৪ ঘন্টাত নিৰাপত্তা বাহিনী আৰু ৰাজ্যিক আৰক্ষীয়ে যৌথ অভিযান চলাই বিভিন্ন উগ্ৰপন্থী সংগঠনৰ ১১ জন কেডাৰক গ্ৰেপ্তাৰ কৰে। ইম্ফল পশ্চিম, থৌবাল, বিষ
Images related to the Manipur Police crackdown.


ইম্ফল, ০৭ ডিচেম্বৰ (হি.স.)। মণিপুৰত ধন দাবী আৰু উগ্ৰপন্থী কাৰ্যকলাপৰ বিৰুদ্ধে এক বৃহৎ দমন কাৰ্যসূচীত বিগত ২৪ ঘন্টাত নিৰাপত্তা বাহিনী আৰু ৰাজ্যিক আৰক্ষীয়ে যৌথ অভিযান চলাই বিভিন্ন উগ্ৰপন্থী সংগঠনৰ ১১ জন কেডাৰক গ্ৰেপ্তাৰ কৰে। ইম্ফল পশ্চিম, থৌবাল, বিষ্ণুপুৰ, আৰু কাকচিং জিলাত চলোৱা এই অভিযানে উপত্যকা অঞ্চলত চলি থকা নেটৱৰ্ক দুৰ্বল কৰাৰ কৌশল আৰু অধিক তীব্ৰতৰ কৰি তুলিছে।

ইম্ফল পশ্চিমৰ পৰা আৰম্ভ হোৱা এই অভিযানত নিৰাপত্তা বাহিনীয়ে নাগামাপাল কাংজাবি লেইৰাকৰ পৰা প্ৰেপাক (প্ৰ’)-জি ৫ মিত্ৰজোঁটৰ কেডাৰ ইৰম বয়ই সিং ওৰফে য়াইটানবা (২৪)ক গ্ৰেপ্তাৰ কৰে। মূলতঃ বিষ্ণুপুৰ জিলাৰ কাইবুল লামজাওৰ ঘৰ আৰু তেওঁৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।

থৌবাল জিলাত আৰক্ষীয়ে ছাইকন লাবুক অঞ্চলৰ পৰা কেৱাইকেএলৰ কেডাৰ উছাম টম্বা সিং ওৰফে হেইব্ৰা (২৪)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা উদ্ধাৰ হৈছে এটা মোবাইল ফোন।

ইয়াৰ পিছতে নিৰাপত্তা বাহিনীয়ে হেইৰক গেটৰ সমীপৰ হেৰক পাৰ্ট-২ৰ পৰা আৰ পি এফ/পি এল এৰ কেডাৰ থকচোম অংগুছানা সিং ওৰফে সন্তোষ (৫২)ক আটক কৰে। জব্দ এটা মোবাইল ফোন আৰু চিম কাৰ্ড।

কাকচিং জিলাত হিয়াংলাম থানা এলেকাৰ অন্তৰ্গত ছেকমাগিন খোইদুমৰ ঘৰৰ পৰা কেচিপিৰ কেডাৰ কেশম থাম্বা সিং ওৰফে প্ৰীতম (৩২)ক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে ইম্ফল পশ্চিমত আৰক্ষীয়ে মিনুথংৰ পৰা ইউএনএলএফ (কোইৰেং)ৰ সক্ৰিয় সদস্য হিজাম মেৰজিৎ সিং ওৰফে ধমেন (৫১)ক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, জি ৫ মিত্ৰতাৰ নামত ইম্ফল-ডিমাপুৰ ঘাইপথত ট্ৰাক চালকৰ পৰা ধন দাবীত জড়িত আছিল। উদ্ধাৰ হৈছে এটা মোবাইল ফোন।

লগতে থৌবাল জিলাত ইউএনএলএফ (কয়ৰেং)ৰ আন এজন ধনদাবী ছয়বাম বসন্ত সিং ওৰফে ছামথাবা (৩৭)ক লাইফ্ৰাকপাম মামাং লেইকাইৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা উদ্ধাৰ হৈছে এটা মোবাইল ফোন আৰু চিম কাৰ্ড।

য়াইৰিপক থানা এলেকাৰ অধীনত আন এক উল্লেখযোগ্য অভিযানত কেচিপি (আপুনবা)ৰ দুজন কেডাৰ—কনছাম আনো সিং (২৬) আৰু খোইৰাম লাংগাম্বা মেইটেই (২৭)ক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা এটা কাৰ্বাইন এছ এম জি, দুটা খালী মেগজিন, এটা মোবাইল ফোন, আৰু এখন দুচকীয়া বাহন জব্দ কৰে।

বিষ্ণুপুৰ জিলাৰ তেৰা উৰাক চেক পইণ্টত গ্ৰেপ্তাৰ কৰে প্ৰেপক কেডাৰ থকচোম সুশীলকুমাৰ ওৰফে আমো (৩৪)ক।

ইম্ফল পশ্চিম আৰক্ষীয়ে লেম্বোইখংনাংখঙৰ পৰা আন এজন কেচিপি (অপুনবা) কেডাৰ ছিনাম দেৱেন সিং (২৫)ক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা এটা মোবাইল ফোন আৰু দুখন চিম কাৰ্ড উদ্ধাৰ কৰে।

ইয়াৰ এদিন পূৰ্বে কাকচিং লামখাই অঞ্চলৰ ভাৰত-বাৰ্মা সুগনু পথত কেচিপি (টাইবাংগনবা)ৰ কেডাৰ ৱাংখেম চিংলেন সিং (২৯)ক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ পৰা জব্দ কৰে এটা মোবাইল ফোন আৰু এখন ডিজেল অটো।

বিষয়াসকলে কয় যে এই ধাৰাবাহিক গ্ৰেপ্তাৰ ধন দাবীৰ নেটৱৰ্ক ভংগ কৰি পেলোৱা, উগ্ৰপন্থীৰ পুঁজিত ব্যাঘাত জন্মা আৰু সক্ৰিয় কেডাৰক নিষ্ক্ৰিয় কৰাৰ কঠোৰ কৌশলৰ অংশ। সকলো গোচৰতে তদন্ত অব্যাহত আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande