ডিমৰীয়াৰ কলং-কপিলীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী
গুৱাহাটী, ০৭ ডিচেম্বৰ (হি.স.)। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে মৎস বিপ্লৱৰ সূচনা কৰি দেশে বিদেশে প্ৰসিদ্ধ লাভ কৰা ডিমৰীয়াৰ স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীত তিনিদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী। মুম্বাইৰ চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফিচাৰীজ এডুকে
ডিমৰীয়াৰ কলং-কপিলীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী


গুৱাহাটী, ০৭ ডিচেম্বৰ (হি.স.)। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে মৎস বিপ্লৱৰ সূচনা কৰি দেশে বিদেশে প্ৰসিদ্ধ লাভ কৰা ডিমৰীয়াৰ স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীত তিনিদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী। মুম্বাইৰ চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফিচাৰীজ এডুকেশ্যনৰ সহযোগত অনুষ্ঠিত কৰা এই প্ৰশিক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক মৎস্যপালকে অংশগ্ৰহণ কৰি মৎস পালনৰ শেহতীয়া বিজ্ঞানসন্মত পদ্ধতি সন্দৰ্ভত জ্ঞান আহৰণ কৰে।

ইয়াৰ সৈতে সংগতি ৰাখি বিত্তীয় প্ৰতিষ্ঠান উজ্জ্বীৱনে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত কলং-কপিলীলৈ আগবঢ়োৱা এটি প্ৰশিক্ষণ গৃহ মুকলি কৰে মুম্বাইৰ আইচিএআৰ-চিআইএফইৰ সঞ্চালক ড০ এন পি চাহুৱে। অনুষ্ঠানত ৰহা মীন মহাবিদ্যালয়ৰ ডীনকে ধৰি ৰাজ্যৰ মীন বিভাগ আৰু নাবাৰ্ডৰ কেইবা গৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

উক্ত কাৰ্যসূচীতে স্থানীয় নিৰ্বাচিত ভালে সংখ্যক মৎস পালকক বিনামূলীয়াকৈ মাছৰ পোনাও আগবঢ়োৱা হয়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande