
লক্ষীমপুৰ, ০৭ ডিচেম্বৰ (হি.স.): লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ এগৰাকী এগৰাকী মেধাৱী ছাত্ৰী জটিল ৰোগত আক্ৰান্ত হৈ ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈছে। সম্প্ৰতি পৰিয়ালটোলৈ নামি আহিছে কাল অমানিশা ৷ এক জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰীগৰাকীক লৈ চৰম হতাশাত ভূগিছে পৰিয়ালটো ৷ বিহপুৰীয়া সমীপৰ হমৰা বাঁহগড়াৰ প্ৰয়াত কমল টায়ুং আৰু ৰিজুমণি টায়ুঙৰ কণ্যা জিতুমনি নামৰ ছাত্ৰী গৰাকী জটিল ৰোগত আক্ৰান্ত হৈছে ৷
উল্লেখ্য যে লখিমপুৰ, গুৱাহাটীত চিকিৎসা কৰিছিল যদিও এতিয়া ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ পৰিয়ালৰ লোকে বিচাৰিছে ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীৰ সহায় ৷ কোনো সদাশয় লোকে সহায় কৰিলে 9394788293 মবাইল নম্বৰত আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰিব ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ