
বঙাইগাঁও, ০৭ ডিচেম্বৰ (হি.স.): বঙাইগাঁৱৰ লেংটিছিঙাত উপস্থিত হোৱা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাৰ অমিল হোৱাৰ অভিযোগ উত্থাপন কৰে।
সাংসদ ৰকিবুল হুছেইনে কয় যে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাৰ আজিৰ লগত কালিৰ মিল নাই । এদিন তেওঁ কয় এয়া হত্যা নহয় আনদিনাখন কয় এয়া হত্যাকাণ্ড। কেতিয়াবা মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এছআইটিয়ে অমুক তাৰিখত চাৰ্জচিট দিব, এতিয়া কয় যে এতিয়া চাৰ্জচিট নিদিয়ে। এইবোৰ কথাত বিজেপিৰ নিষ্ঠাবান কৰ্মী সকল মৰ্মাহত হৈছে।
ইফালে ড: হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত স্থিতি এতিয়া থৰকবৰক হৈছে বুলি উল্লেখ কৰি কয় যে সেয়ে এতিয়া তেওঁ এটা আঞ্চলিক ৰাজনৈতিক দলক শক্তিশালী কৰাত লাগি গৈছে যাতে ইয়াক লৈ তেওঁ দিল্লীক ব্লেকমেইলিং কৰিব পাৰে। বিজতৰীয়া সংস্কৃতি ৰাজ্যখনলৈ আনি জুবিন অনুৰাগী সকলক মৰ্মাহত কৰিব খুজিছে। গৌৰৱ গগৈয়ে তেওঁৰ প্ৰয়াত পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বছৰেকীয়া শ্ৰাদ্ধৰ দিনাখন গৌৰৱ গগৈয়ে ঘৰত থকা কথাটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য দি যি মানসিকতা প্ৰদৰ্শন কৰিলে তাক গৰিহণা দিয়ে সাংসদ ৰকিবুল হুছেইনে। যোৱা কালি শনিবাৰে আবেলি বঙাইগাঁও জিলাৰ লেংটিছিঙাত সৃজনগ্ৰাম বিধান সভা সমষ্টি ভিত্তিত যুৱ সমাৰোহত ভোট চুৰি সন্দৰ্ভত অনুষ্ঠিত সভাত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে সভাৰ অন্তত সংবাদমাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ