লখিমপুৰত বিশ্বৰ ভিতৰতে প্ৰথম খন বিনামুলীয়া গ্ৰন্থ মেলা
লখিমপুৰ, ০৭ ডিচেম্বৰ (হি.স.)। আজি লখিমপুৰত বিশ্বৰ ভিতৰতে প্ৰথম খন বিনামুলীয়া গ্ৰন্থ মেলা। গ্ৰন্থৰ প্ৰতি পঢ়ুৱৈৰ ধাউতি বৃদ্ধি কৰা ,নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহান্বিত কৰা ,কিতাপ পঢ়াৰ বৌদ্ধিক আন্দোলন এটা গঢ়ি তোলাৰ উদ্দেশ্যত লখিমপুৰত আজি বি
লখিমপুৰত বিশ্বৰ ভিতৰতে প্ৰথম খন বিনামুলীয়া গ্ৰন্থ মেলা


লখিমপুৰ, ০৭ ডিচেম্বৰ (হি.স.)। আজি লখিমপুৰত বিশ্বৰ ভিতৰতে প্ৰথম খন বিনামুলীয়া গ্ৰন্থ মেলা। গ্ৰন্থৰ প্ৰতি পঢ়ুৱৈৰ ধাউতি বৃদ্ধি কৰা ,নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহান্বিত কৰা ,কিতাপ পঢ়াৰ বৌদ্ধিক আন্দোলন এটা গঢ়ি তোলাৰ উদ্দেশ্যত লখিমপুৰত আজি বিশ্বৰ ভিতৰতে প্ৰথম খন বিনামূলীয়া গ্ৰন্থ মেলা অনুষ্ঠিত হয়। জীৱন্ত শইকীয়া নামৰ লখিমপুৰৰ আজাদৰ গ্ৰন্থনুৰাগী যুৱকৰ উদ্যোগত এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ।

বিশিষ্ট সাহিত্যিক ,সাংবাদিক হোমেন বৰগোহাঞি দেৱৰ জন্ম দিন উপলক্ষত লখিমপুৰত জনৈহিতৈষী পুথিভঁৰালৰ বেনাৰত আয়োজন কৰিছে বিনামূলীয়া গ্ৰন্থমেলা ৷ গ্ৰন্থ মেলা উদ্বোধনৰ পূৰ্বে প্ৰথিতযশা সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । একেদৰে যুৱ৷প্ৰজন্মৰ হাৰ্ট থ্ৰব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । শ্ৰদ্ধা নিবেদন কৰে সাংবাদিক বুবুল হাজৰিকা আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভূঞাই । লখিমপুৰৰ আজাদত জুবিন গাৰ্গৰ সোঁৱৰণত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব এই জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থ মেলা । প্ৰায় ২০ হাজাৰ পঢ়ুৱৈক বিনামূলীয়াকৈ গ্ৰন্থ যোগান ধৰিছে ৷ তদুপলক্ষে মজুত কৰা হৈছে শৈক্ষিক ,বিদ্যায়তনিক আৰু সকলো দিশৰ প্ৰায় ৪০ হাজাৰ গ্ৰন্থ ৷ গ্ৰন্থমেলা খন উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ।ভাষণ প্ৰসংগত নিতুমণি শইকীয়াই এই গ্ৰন্থমেলাক বিশ্বৰ ভিতৰতে প্ৰথম আৰু অভিনৱ ধাৰণাৰ এক বৌদ্ধিক আন্দোলন বুলি উল্লেখ কৰে ৷

স্মৰ্তৱ্য যে হোমেন বৰগোহাঞিৰ ওপজা দিনৰ লগত সংগতি ৰাখি গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ আৰু অধ্যয়ন দিৱস উদযাপন কৰা হয় য’ত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে বিশিষ্ট উপন্যাসিকা জুৰি বৰা বৰগোহাঞিয়ে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande