
যোৰহাট, ০৭ ডিচেম্বৰ (হি.স.)। সদৌ অসম শিশু ভাওনা সমাৰোহ উদযাপন সমিতি বৰহোলা উদ্যোগত আৰু শংকৰ-মাধৱ শিশু শিল্পী সমাজৰ সহযোগত বৰহোলাত সদৌ অসম ভিত্তিত অনুষ্ঠিত হব লগীয়া তৃতীয় বাৰ্ষিক শিশু ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন কৰা হয়৷ দেৱ বাদ্য খোল-তাল,মাংগলিক ধ্বনিৰে ভকত-বৈষ্ণৱ আৰু আই সকলৰ উপস্থিতিত শিশু ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন কৰা হয়৷
অহা ২১ ডিচেম্বৰ পৰা ২৯ ডিচেম্বৰলৈকে শিক্ষাবিদ জয়ৰাম বৰা ক্ষেত্ৰত ৯ দিনীয়াকৈ অনুষ্ঠিত হব উক্ত শিশু ভাওনা সমাৰোহ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা