ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু প্ৰশাসন
ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন।
ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু প্ৰশাসন


নগাঁও, ০৭ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন। চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাওঁ কিচামতৰ ৩নং দাগৰ ৩৮০বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান।

উল্লেখ্য যে ৩নং দাগৰ অংশ ৫২৮, ৫০৫, ৫০৬, ৬০৪ গেজিং ৰিজাৰ্ভৰ বেদখলকৃত ভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। প্ৰায় ২০০ পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে চামগুৰি ৰাজহ চক্ৰই । ইফালে বৈধ নথি পত্ৰ থকা সকলক ১২ ডিচেম্বৰ তাৰিখে কাৰ্যালয়ত শুনানি অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande