ডিমৰীয়াৰ ক্ষেত্ৰী-মালয়বাৰী পথত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন গুৰুতৰভাৱে আহত
গুৱাহাটী, ০৭ ডিচেম্বৰ (হি.স.)। ডিমৰীয়াৰ ক্ষেত্ৰী-মালয়বাৰী পথত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন লোক। মালয়বাৰীৰ পৰা ক্ষেত্ৰী দিশত গৈ থকা অৱস্থাত এখন মাৰুতি এল্ট'' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুঁটাত খুন্দা ম
ডিমৰীয়াৰ ক্ষেত্ৰী-মালয়বাৰী পথত ভয়ংকৰ পথ দুৰ্ঘটনা।


ডিমৰীয়াৰ ক্ষেত্ৰী-মালয়বাৰী পথত ভয়ংকৰ পথ দুৰ্ঘটনা।


গুৱাহাটী, ০৭ ডিচেম্বৰ (হি.স.)। ডিমৰীয়াৰ ক্ষেত্ৰী-মালয়বাৰী পথত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন লোক।

মালয়বাৰীৰ পৰা ক্ষেত্ৰী দিশত গৈ থকা অৱস্থাত এখন মাৰুতি এল্ট' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত বাহনখনত থকা লোকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হয় লোকজন।

ইতিমধ্যে গুৰুতৰভাৱে আহত লোকজনক স্থানীয় ৰাইজৰ তৎপৰতাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ এ এছ ০১ এফ আৰ ২২৯ বুলি জানিব পৰা গৈছে। বাতৰি সংগ্ৰহ কৰা পৰ্যন্তলৈকে আহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande