মানকাচৰত “হাজিৰহাট ক্ৰিকেট লিগ“ৰ শুভ উদ্বোধন
দক্ষিণ শালমাৰা, ০৭ ডিচেম্বৰ (হি.স.)। মানকাচৰৰ হাজিৰহাট অঞ্চলৰ “হাজিৰহাট ক্ৰিকেট লিগ“ৰ আজি শুভ উদ্বোধন। মানকাচৰ বিধানসভা সমষ্টিৰ হাজিৰহাট গাঁও পঞ্চায়তৰ কাজিৰগাঁৱত আজি উলহ মালহেৰে হাজিৰহাট ক্ৰিকেট লিগৰ শুভ উদ্বোধন কৰা হয় ৷ প্ৰিয় শিল্পী জুবিন গাৰ্গক
মানকাচৰত “হাজিৰহাট ক্ৰিকেট লিগ“ৰ শুভ উদ্বোধন


দক্ষিণ শালমাৰা, ০৭ ডিচেম্বৰ (হি.স.)। মানকাচৰৰ হাজিৰহাট অঞ্চলৰ “হাজিৰহাট ক্ৰিকেট লিগ“ৰ আজি শুভ উদ্বোধন। মানকাচৰ বিধানসভা সমষ্টিৰ হাজিৰহাট গাঁও পঞ্চায়তৰ কাজিৰগাঁৱত আজি উলহ মালহেৰে হাজিৰহাট ক্ৰিকেট লিগৰ শুভ উদ্বোধন কৰা হয় ৷ প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই খেল খনৰ শুভ উদ্বোধন কৰা হৈছে ৷ লগতে হাটশিঙিমাৰীৰ স্থানীয় কিশোৰী মালিহা হেনট্ৰাই জুবিন দা নৃত্যৰে শ্ৰদ্ধাঞ্জলি জনাই উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হয় ৷

ইফালে গোৱালপাৰীয়া গায়িকা কুকিলা সৰকাৰে মায়াবিনী গীতেৰে প্ৰিয় শিল্পী জুবিন দাক শ্ৰদ্ধাঞ্জলি জনায় ৷ উদ্বোধনী খেল খন ফুলেৰচৰ ক্ৰিকেট দল বনাম জাঙ্গাল ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয় ৷ খেলৰ মুখ্য অতিথি মানকাচৰৰ কংগ্ৰেছী নেতা নেকিবুৰ জামানে খেলৰ উদ্বোধন কৰে। সহশ্ৰাধিক ক্ৰিকেট প্ৰেমী ৰাইজে খেল খনৰ আনন্দ উপভোগ কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande