
গুৱাহাটী, ০৭ ডিচেম্বৰ (হি.স.)। কংগ্ৰেছে সদায় মিঞাৰ তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছে। খালী মাটি দেখিলেই বাংলাদেশী মুছলমানে অবৈধভাৱে বেদখল কৰিবলৈ উৎসাহ যোগোৱা কংগ্ৰেছ বিগত সময়ছোৱাত অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰি তুলিছে। এই অভিযোগ ৰাজ্যিক বিজেপিৰ। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ব্ৰজেন মহন্তই আজি এক প্ৰেছ বিবৃতিযোগে এই অভিযোগ কৰে।
মহন্তই লগতে কয় যে ইতিমধ্যে অবৈধ বেদখলকাৰীৰ হাতত থকা ৬০ লাখ বিঘা সত্ৰ, বনাঞ্চল, জলাশয় আৰু চৰকাৰী ভূমিৰ প্ৰায় ১ লাখ ৩০ হাজাৰ বিঘা ভূমি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে বেদখলমুক্ত কৰিছে আৰু বাকী বেদখলকৃত ভূমিসমূহ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। সেই বেদখলকাৰীসকলক উচ্ছেদ কৰি বেদখলমুক্ত কৰাৰ বাবে বিহিত ব্যৱস্থা লোৱাৰ লগে লগে গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ নেতা পালিনেতাসকলৰ আগন্তুক ভৱিষ্যত অনিশ্চিত হৈ পৰিছে । বাংলাদেশী ভোটাৰে নিৰ্বাচন জয়ৰ সপোন দেখা কংগ্ৰেছ সদায় মিঞাৰ তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছে বুলিও মুখপাত্ৰ গৰাকীয়ে অভিযোগ কৰে।
তেওঁ কয় যে ড. হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিছা অঞ্চলত বসবাস কৰা শ্ৰমিকসকলক মাটিৰ পট্টা দিয়াৰ ঘোষণা কৰাৰ লগে লগে জনগোষ্ঠীটোৰ বাসিন্দাসকল উৎফুল্লিত হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীৰ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰখনক আশীৰ্বাদেৰে উপচাই দিছে। এই জনগোষ্ঠীটোৰ মাজত কিদৰে অশান্তি আৰু বিভেদৰ বীজ সিচি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব পাৰি সেই উদ্দেশ্যে ডিব্ৰুগড়ত এক সংবাদমেল অনুষ্ঠিত কৰি কালি কিছু অহেতুক মন্তব্য কৰা কাৰ্য্যক বিজেপিয়ে তীব্ৰ গৰিহণা দিছে বুলিও মুখপাত্ৰ গৰাকীয়ে কয়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী