


প্ৰতিজন ব্যক্তিয়ে কেৱল নিজৰ বাবেই নহয় ভাৰত মাতাৰ বাবেও জীয়াই থকা উচিত- বশিষ্ঠ বুজৰবৰুৱা
গুৱাহাটী, ০৬ ডিচেম্বৰ (হি.স.)। সংস্কৃতি আৰু পৰম্পৰাৰ জৰিয়তে ভাৰতীয় সংবিধানৰ মূল মূল্যবোধৰ বিষয়ে সজাগতা বিয়পাই দিয়াৰ উদ্দেশ্যে গুৱাহাটীৰ ড° হেডগেৱাৰ স্মাৰক সমিতি আৰু বাল্মিকী সংগীত বিদ্যালয়ৰ উদ্যোগত (সমতাৰ ছন্দেৰে জীৱনৰ জয়গান” শীৰ্ষক তিনিদিনীয়া সাংস্কৃতিক আৰু সামাজিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে । এই কাৰ্যসূচীয়ে ভাৰতৰ চহকী লোক ঐতিহ্য আৰু সাংস্কৃতিক প্ৰকাশৰ বাবে সমতা, ন্যায়, ঐক্য, সামাজিক সম্প্ৰীতি আৰু নাগৰিকৰ দায়বদ্ধতাৰ দৰে সাংবিধানিক আদৰ্শক ৰাইজৰ মাজত প্ৰসাৰিত কৰিব বিচৰা হৈছে ৷
গুৱাহাটীৰ চাৰিটা ভিন্ন স্থানত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৪ ডিচেম্বৰত উদ্বোধনী অনুষ্ঠান, ৬ ডিচেম্বৰত মূল সাংস্কৃতিক পৰিবেশন আৰু ৭ ডিচেম্বৰত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত বিভিন্ন পৰম্পৰাগত জনজাতীয় নৃত্যৰ সমাহাৰ ঘটিছে। ঐক্য আৰু সামাজিক সমতাৰ মনোভাৱক উজ্জ্বল কৰি তুলি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ছাফাই কৰ্মচাৰীৰ সকলৰ কন্যাই উপস্থাপন কৰিছে বিভিন্ন অনুষ্ঠানসমূহ। ইয়াৰ জৰিয়তে আয়োজকসকলে সামাজিক মূল্যবোধ, মহিলা শিক্ষা, ছাত্ৰ-ছাত্ৰী আৰু বৃহত্তৰ সমাজৰ মাজত এক সংহত জাতীয় পৰিচয় শক্তিশালী কৰাৰ বাবেও কাম কৰি আহিছে ৷ ইয়াৰ অংশ হিচাপে শনিবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত বৃহৎ সংখ্যক দৰ্শকৰ উপস্থিতিত এই কাৰ্যসূচীৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা আৰু অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন কেইবাজনো বিশিষ্ট বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অংশগ্ৰহণকাৰী শিশু আৰু আন আন সকলে উপস্থাপন কৰা অভিনয়, বিশেষকৈ মাতৃসকলৰ প্ৰেৰণাদায়ক অভিনয়ক উপস্হিত দৰ্শকে ভুয়শী প্ৰশংসা কৰে ৷ এই উপলক্ষে অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই কয় যে, এই ভূমি ভাৰত আৰু হিন্দুস্তান নামেৰে জনাজাত আৰু ভাৰত আমাৰ মাতৃ । যদিও মানুহৰ নাম আৰু পৰিচয় বেলেগ বেলেগ হ’ব পাৰে, তথাপিও তেওঁলোকৰ এটা উমৈহতীয়া পৰিচয় আছে সেয়া হ'ল আমি সকলোৱে ভাৰতীয়। এই পবিত্ৰ ভূমিত জন্ম হোৱা দুজন মহান ব্যক্তি ড° ভীমৰাও আম্বেদকাৰ আৰু ড° কেশৱ বলিৰাম হেডগেৱাৰ।
ভাষণৰ আৰম্ভণিতে তেওঁ উল্লেখ কৰে যে ড° হেডগেৱাৰ স্মাৰক সমিতিয়ে সংস্কৃতিৰ জৰিয়তে সামাজিক উত্থানৰ দৃষ্টিভংগীৰে বাল্মিকী সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিছে। ড০ আম্বেদকাৰৰ কথা স্মৰণ কৰি পুনৰ কয় যে আমাৰ পৰিচয় ভাৰতীয় হোৱাৰ পৰাই আৰম্ভ হয় আৰু শেষ হয় ৷ তেওঁ আৰু কয় যে ড° আম্বেদকাৰে কেতিয়াও হিন্দু ধৰ্মক সমালোচনা কৰা নাছিল বৰঞ্চ হিন্দু সমাজৰ উত্থানৰ বাবে কাম কৰিছিল বুলি মন্তব্য কৰি পুনৰ কয়, আম্বেদকাৰে হিন্দু শাস্ত্ৰৰ গভীৰ অধ্যয়ন কৰিছিল আৰু কোনো শাস্ত্ৰই বৈষম্যৰ পোষকতা নকৰে বুলি উল্লেখ কৰিছিল। তেওঁ লগতে উল্লেখ কৰে যে ড০ আম্বেদকাৰে আৰ এছ এছৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিছিল আৰু সংগঠনটোৰ বিষয়ে স্পষ্ট ধাৰণা আছিল। জীৱনৰ বৃহত্তৰ উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি বুজৰবৰুৱাই কয় যে প্ৰতিজন ব্যক্তিয়ে কেৱল নিজৰ বাবেই নহয় ভাৰত মাতাৰ বাবেও জীয়াই থকা উচিত। আম্বেদকাৰৰ বাৰ্তা প্ৰতিধ্বনিত কৰি তেওঁ কয় যে ৰাষ্ট্ৰধৰ্মই হৈছে সৰ্বোচ্চ ধৰ্ম আৰু শেষ নিশ্বাসলৈকে ভাৰতৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ সকলোকে আহ্বান জনায় ৷
আনহাতে, সভাত ভাষণ দি শিল্পী গায়ত্ৰী মহন্তই জুবিন গাৰ্গ আৰু ড° ভূপেন হাজৰিকাৰ দৰে সংগীত কিংবদন্তিৰ গীতত সুন্দৰকৈ পৰিবেশন কৰা চাফাই কৰ্মচাৰীৰ কণমানি ছোৱালী সকলৰ প্ৰশংসা কৰে। ছাফাই কৰ্মছাৰীসকলৰ পুত্ৰ-কন্যাক সাংস্কৃতিক মঞ্চৰ জৰিয়তে আগবাঢ়ি অহাৰ সুযোগ দিয়াৰ বাবেও এই পদক্ষেপক শলাগ লয়। সভাত ভাষণ দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এনে অৰ্থপূৰ্ণ আৰু আৱেগিকভাৱে শক্তিশালী অভিনয় দাঙি ধৰাৰ বাবে সকলো কলা-কুশলী আৰু আয়োজকক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ৬ ডিচেম্বৰত ড° বি.আৰ. আম্বেদকাৰ জন্ম আৰু সমাজত সমতাৰ নীতি প্ৰতিষ্ঠা কৰাৰ দিশত তেওঁৰ আজীৱন অৱদানৰ কথা স্মৰণ কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই অনুষ্ঠানটো কেৱল সাংস্কৃতিক অনুষ্ঠান নহয় বৰঞ্চ সমগ্ৰ ভাৰততে “সমতা”ৰ জীৱন্ত প্ৰকাশ, সমাজক ঐক্যবদ্ধভাৱে কেনেকৈ একেলগে খোজ কাঢ়িব লাগে সেই বিষয়ে শিকোৱা হৈছে বুলি মন্তব্য কৰে ৷ শ্ৰীমন্ত শংকৰদেৱ, মাধবদেৱ আদিৰ দৰে মহান অসমীয়া আধ্যাত্মিক আৰু সাংস্কৃতিক আইকনৰ প্ৰতি উৎসৰ্গিত অনুষ্ঠানসমূহ প্ৰত্যক্ষ কৰি তেওঁ বাকৰুদ্ধ হৈ পৰিল বুলিও কয়।
এই কাৰ্যসূচীত সকলো বয়সৰ লোক আৰু সম্প্ৰদায়ৰ লোকৰ উৎসাহী অংশগ্ৰহণৰ সাক্ষী হৈ সাংস্কৃতিক ঐক্য আৰু সামাজিক সমতাই এক শক্তিশালী জাতিৰ ভেটি বুলি বাৰ্তাক শক্তিশালী কৰি তুলিলে বুলি উপস্হিত ৰাইজে মন্তব্য কৰে ৷
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া