বিশ্ব কাপ জয় কৰি নগাঁৱৰ কঠিয়াতলীৰ স্ব-গৃহত উপস্থিত হ'ল ভাৰতীয় দলৰ দৃষ্টিহীন ক্ৰিকেট খেলুৱৈ চিমু দাস
নগাঁৱ, ০৭ ডিচেম্বৰ (হি.স.)। বিশ্ব কাপ জয় কৰি নগাঁৱৰ কঠিয়াতলীৰ স্ব-গৃহত উপস্থিত হ''ল ভাৰতীয় দলৰ দৃষ্টিহীন খেলুৱৈ চিমু দাস । কঠিয়াতলীৰ বিভিন্ন দল সংগঠনৰ উষ্ম আদৰণি জনায় চিমু দাসক । চিমু দাসৰ সাফল্যত উৎফুল্লিত কঠিয়াতলী বাসী । শাৰিৰীক প্ৰতিবন্ধকতা
বিশ্ব কাপ জয় কৰি নগাঁৱৰ কঠিয়াতলীৰ স্ব-গৃহত উপস্থিত হ'ল ভাৰতীয় দলৰ দৃষ্টিহীন ক্ৰিকেট খেলুৱৈ চিমু দাস


নগাঁৱ, ০৭ ডিচেম্বৰ (হি.স.)। বিশ্ব কাপ জয় কৰি নগাঁৱৰ কঠিয়াতলীৰ স্ব-গৃহত উপস্থিত হ'ল ভাৰতীয় দলৰ দৃষ্টিহীন খেলুৱৈ চিমু দাস । কঠিয়াতলীৰ বিভিন্ন দল সংগঠনৰ উষ্ম আদৰণি জনায় চিমু দাসক । চিমু দাসৰ সাফল্যত উৎফুল্লিত কঠিয়াতলী বাসী । শাৰিৰীক প্ৰতিবন্ধকতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমান কৰি দিলে নগাঁৱৰ কঠিয়াতলী কছাৰী গাঁৱৰ চিমু দাস নামৰ মহিলা দৃষ্টিহীন খেলুৱৈ গৰাকীয়ে ৷

এটা ভঙা পজাঁৰ পৰা খেলিবৰ বাবে ওলাই আহিছিল দৃষ্টিহীন ক্ৰিকেট খেলুৱৈ চিমু দাস ৷ তাৰ পাছতে ভাৰতীয় দলৰ হৈ মহিলা দৃষ্টিহীন বিশ্বকাপ ক্ৰিকেটত অংশ গ্ৰহন কৰি বিজয়ী হৈ ভাৰতৰ লগতে অসমলৈ গৌৱৰ কঢ়িয়াই আনিব সক্ষম হল চিমু দাসে ৷ বিশ্বৰ ৬ খন দেশে অংশ গ্ৰহন কৰা টি ২০ বিশ্বকাপত পোন প্ৰথম বাৰৰ বাবে শ্ৰীলংকাৰ কলম্বোত অনুস্থিত হোৱা দৃষ্টিহীন বিশ্বকাপ টি ২০ ক্ৰিকেটত নেপালক হৰুৱাই বিজয়ী হোৱা ভাৰতৰ দলটোৰ খেলুৱৈ আছিল চিমু দাস ।

চিমুৱে ৬৮ ৰাণ কৰি বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোৰ প্ৰতি অৰিহনা আগবঢ়াব সক্ষম হৈছিল ৷ খেলুৱৈ গৰাকী অসমত উপস্থিত হোৱাৰ পাছতে অসম চৰকাৰে ১০ লাখ টকা আৰ্থিক অনুদান প্ৰদান কৰিছে যদিও খেলুৱৈ গৰাকীয়ে বিচাৰিছে এটা চাকৰি ৷ এটা চাকৰি পালে সুখী বুলিও মন্তব্য কৰিছে খেলুৱৈ চিমু দাসে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande