ঢকুৱাখনাত কথাশিল্পী, প্ৰজ্ঞাধিমান হোমেন বৰগোহাঞিৰ ৯৩ সংখ্যক জন্মদিন উদযাপন
লক্ষীমপুৰ, ০৭ ডিচেম্বৰ (হি.স.)। আজি কথাশিল্পী, প্ৰজ্ঞাধিমান হোমেন বৰগোহাঞিৰ ৯৩ সংখ্যক জন্মদিন। বৰগোহাঞিদেৱৰ জন্মস্থান ঢকুৱাখনাত ''হোমেন বৰগোহাঞি ন্যাস''ৰ উদ্যোগত আজি উদযাপন কৰা হয় এই দিৱস। লগতে উন্মোচন কৰা হয় হোমেন বৰগোহাঞিৰ ২১ ফুট উচ্চতাৰ এট
ঢকুৱাখনাত কথাশিল্পী, প্ৰজ্ঞাধিমান হোমেন বৰগোহাঞিৰ ৯৩ সংখ্যক জন্মদিন উদযাপন


লক্ষীমপুৰ, ০৭ ডিচেম্বৰ (হি.স.)। আজি কথাশিল্পী, প্ৰজ্ঞাধিমান হোমেন বৰগোহাঞিৰ ৯৩ সংখ্যক জন্মদিন। বৰগোহাঞিদেৱৰ জন্মস্থান ঢকুৱাখনাত 'হোমেন বৰগোহাঞি ন্যাস'ৰ উদ্যোগত আজি উদযাপন কৰা হয় এই দিৱস। লগতে উন্মোচন কৰা হয় হোমেন বৰগোহাঞিৰ ২১ ফুট উচ্চতাৰ এটা পূৰ্ণাবয়ব ব্ৰঞ্জৰ প্ৰতিমূৰ্তি।

ভাস্কৰ্য্য শিল্পী বিৰেণ সিংহই নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই। এই উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ অমৰজ্যোতি চৌধুৰী, ডাঃ অঞ্জনজ্যোতি চৌধুৰী আৰু কবি অনুপমা বসুমতাৰী আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে।

এই লৈ চাৰিকড়ীয়াৰ আজন্ম প্ৰেমিক, সাংবাদিক, সাহিত্যিক, কথাশিল্পী হোমেন বৰগোহাঞিৰ জন্মস্থান ঢকুৱাখনাত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande