
নতুন দিল্লী, ০৭ ডিচেম্বৰ (হি.স.)। বেংক অৱ বৰোদা আৰু ইণ্ডিয়ান বেংকৰ পিছতে দেওবাৰে ৰাজহুৱা খণ্ডৰ ঋণদাতা বেংক অৱ মহাৰাষ্ট্ৰই ৰেপ’ লিংকড লেণ্ডিং ৰেট (আৰ এল এল আৰ) ঋণ ০.২৫% কৰ্তন কৰে। এই হ্ৰাসে বেংকৰ ঘৰ, বাহন, আৰু শিক্ষা ঋণৰ হাৰ হ্ৰাস কৰিব।
বেংক অৱ মহাৰাষ্ট্ৰই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে শনিবাৰে কাৰ্যকৰী হোৱা এই পুনৰীক্ষণৰ লগে লগে বেংকৰ হোম লোনৰ সুতৰ হাৰ ৭.১০% আৰু গাড়ী ঋণৰ হাৰ ৭.৪৫%ৰ পৰা আৰম্ভ হ’ব, যিটো বেংকিং উদ্যোগৰ ভিতৰতে সৰ্বনিম্ন। ৰিজাৰ্ভ বেংকে ৰেপো ৰেটত ০.২৫% কৰ্তন কৰাৰ পিছতে বেংকে ঋণৰ হাৰ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখযোগ্য যে আৰ বি আইৰ মূল নীতিগত হাৰ কৰ্তনৰ পিছত ৰাজহুৱা খণ্ডৰ বেংক বেংক অৱ বৰোদা আৰু ইণ্ডিয়ান বেংকে ৰেপো লিংকড ঋণৰ সুতৰ হাৰ ০.২৫ শতাংশ হ্ৰাস কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে ৰেপো ৰেট ০.২৫ শতাংশ হ্ৰাস কৰি ৰেপো ৰেট ৫.৫০ শতাংশৰ পৰা ৫.২৫ শতাংশলৈ হ্ৰাস কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ