
কোকৰাঝাৰ, ০৭ ডিচেম্বৰ (হি.স.)। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ৰবিবাৰে কোকৰাঝাৰত বিভিন্ন বড়ো জাতীয় সংগঠনক লৈ এক বৌদ্ধিক সন্মিলন অনুষ্ঠিত হয় ৷কোকৰাঝাৰ দেৱৰগাঁও স্থিত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ নীলশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৌদ্ধিক সন্মিলনত বড়ো সমাজৰ ২৫ টা দ'ল -সংগঠনৰ নেৰ্তৃবৰ্গৰ লগতে বুদ্ধিজীৱি , সমাজ সচেতক , শিক্ষাবিদ আদিকে ধৰি প্ৰায় ১২০০ লোক উপস্থিতিত আছিল ।
বৌদ্ধিক সন্মিলনত উপস্থিত থাকি এবছুৰ সভাপতি দ্বীপেন বড়োৰ মন্তব্য।তিনিজনীয়া মন্ত্ৰীগোটে বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ত প্ৰতিবেদন দাখিল কৰাৰ পিছত উক্ত প্ৰতিবেদন আমি একেষাৰে নাকচ কৰিছিলো। ইয়াৰোপৰি প্ৰতিবাদ আৰু প্ৰতিবেদন দাহ কৰা হৈছিল । তাৰপিছতেই চিচিঅ'টিএৰ সতে মন্ত্ৰীগোটৰ অধ্যক্ষ ৰণোজ পেগুৰ উপস্থিতিত আলোচনা কৰা হৈছিল । উক্ত আলোচনা কালত অন্তবৰ্তীকালিন পৰামৰ্শ চৰকাৰক দাখিল কৰা হৈছে । পুণৰাই একমাহৰ ভিতৰত মুখ্যমন্ত্ৰীক পূৰ্ণাংগ পৰামৰ্শমুলক প্ৰতিবেদন দাখিল কৰা হ'ব ।বিষয়টোকলৈ গৃহমন্ত্ৰীৰ উপস্থিতিত আলোচনা কৰাৰ দাবী জনায় দ্বীপেন বড়োৱে ৷আনহাতে ইতিহাসৰ পৰা আজিলৈ কি হ'ল , কি হ'বলৈ গৈ আছে , ৪৫ লাখ জনজাতিৰ ওপৰত ২ কোটি জাপি দিলে কি হ'ব কি হ'ব সেয়া আজি সভাত আলোচনা কৰা হৈছে কয় দ্বীপেন বড়োই । ৰাজনৈতিক , সাংবিধানিক , ভূমি , অস্তিত্ব -পৰিচয় , সংৰক্ষণ , শৈক্ষিক - নিযুক্তি সকলো বিষয়ৰ ওপৰত প্ৰভাৱ পৰিব । কি পন্থাৰে আগবাঢ়ি যোৱা হ'ব সেয়া নিৰ্ধাৰণ কৰিব লাগিব । এবছু , চিচিঅটিএ আৰু ট্ৰাইবেল সংঘই নিজৰ অধিকাৰৰ বাবে কাম কৰি যাব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ