
বৰপেটা, ০৭ ডিচেম্বৰ (হি.স.): নগৰবেৰা আৰক্ষীয়ে বাহন চুৰি কাৰ্যৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সাফল্য। অসম মেঘালয় সীমান্তৰ মেঘালয়ৰ সিজুত অভিযান চলাই জব্দ কৰে চাৰিখন চুৰি বাইক । এই সন্দৰ্ভত সমৰজি এ চাংমা নামৰ এটা চোৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি দত্তৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বৃহত্তৰ নগৰবেৰা অঞ্চলৰ বিভিন্ন প্ৰান্তত বাইক চুৰি চক্ৰই নিদ্ৰাহৰণ কৰি আহিছে ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ