
গুৱাহাটী, ০৭ ডিচেম্বৰ (হি.স.)। সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ বীৰ জোৱানসকলৰ সাহস, নিষ্ঠা, আৰু ত্যাগক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মুখ্যমন্ত্রী শৰ্মাই কয় যে ভাৰতীয় সেনা জোৱানসকলে মাতৃভূমি সুৰক্ষাৰ বাবে নিজৰ সকলোখিনি উৎসৰ্গা কৰে, আৰু তেওঁলোকৰ অমূল্য অৱদানৰ বাবে জাতি সদায় ঋণী হৈ থাকিব। তেওঁ কয় যে জোৱানসকলৰ অদম্য সাহস আৰু নিষ্ঠাৰ বাবেই দেশৰ সীমান্ত সুৰক্ষিত হৈ প্ৰতিজন নাগৰিকে শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে।
সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত দেশৰ সাহসী জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ সকলো নাগৰিককে শৰ্মাই আহ্বান জনায়।
हिन्दुस्थान समाचार / অৰৱিন্দ