
গুৱাহাটী, ০৭ ডিচেম্বৰ (হি.স.)। অসমৰ লোক ভৱনত আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস অতি শ্ৰদ্ধা আৰু গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদযাপন কৰা হয় । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত আয়োজিত এই বিশেষ অনুষ্ঠানত ৰাজ্যখনে সমগ্ৰ ৰাষ্ট্ৰৰ সৈতে যোগ দি বীৰ জোৱানসকলৰ সাহস আৰু ত্যাগক শ্ৰদ্ধাঞ্জলি জনায়। ১৯৪৯ চনৰ ৭ ডিচেম্বৰৰ পৰা দেশজুৰি উদযাপন কৰা এই দিৱসৰ মূল উদ্দেশ্য হৈছে শ্বহীদ আৰু সীমান্তত নিয়োজিত জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা।
অনুষ্ঠানত উপস্থিত বীৰ নাৰী, প্ৰতিবন্ধী জোৱান, প্ৰবীণ সৈনিক, সেৱা আগবঢ়োৱা জোৱান আৰু গণ্যমান্য ব্যক্তিৰ সমাৱেশত ভাষণ দি ৰাজ্যপাল আচাৰ্যই কয় যে এই দিনটোৱে প্ৰতিজন নাগৰিকক জোৱানসকলৰ অসাধাৰণ অৱদানৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে কঠিন পৰিস্থিতিত সীমান্ত সুৰক্ষাৰ পৰা আৰম্ভ কৰি দুৰ্যোগ সাহায্য অভিযানৰ নেতৃত্ব দিয়ালৈকে সশস্ত্ৰ বাহিনী দেশৰ সাহস, অনুশাসন, আৰু মমতাৰ প্ৰতীক।
ৰাজ্যপালগৰাকীয়ে জনোৱা মতে, অসমত বৰ্তমান প্ৰায় ৪১,৯৬৮ গৰাকী প্ৰবীণ সৈনিক আৰু ১০,৩৬১ গৰাকী বীৰ নাৰী আছে। সঞ্চালকালয় আৰু ২১ টা জিলা সৈনিক কল্যাণ কার্যালয় তেওঁলোকৰ কল্যাণৰ কামত অহৰহ নিয়োজিত হৈ আছে। কাৰ্যসূচীৰ সময়ত ৰাজ্যপালগৰাকীয়ে সঞ্চালকালয়ৰ কাৰ্যকলাপৰ আধাৰত দেৱাল আৰু টেবুলৰ কেলেণ্ডাৰ প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ পাঁচগৰাকী প্ৰবীণ সাফল্যকৰ্তালৈ সম্বৰ্ধনা জনায়।
দিৱসৰ আলোকপাত আছিল ৰাজ্য চৰকাৰৰ নতুন পদক্ষেপ সৈনিক তুঝে চালাম যাৰ অধীনত জিলা প্ৰশাসন আৰু জিলা সৈনিক কল্যাণ কাৰ্যালয়সমূহে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত প্ৰবীণ সৈনিক, প্ৰবীণ মহিলা আৰু ৯০ বছৰৰ ওপৰৰ বীৰ মাতৃসকলৰ ঘৰলৈ গৈ তেওঁলোকক সন্মান জনাব।
ৰাজ্যপালগৰাকীয়ে অৱগত কৰে যে শেহতীয়াকৈ অসমে প্ৰবীণ সৈনিকৰ কল্যাণৰ ক্ষেত্ৰত অসাধাৰণ প্ৰচেষ্টাৰ বাবে নতুন দিল্লীত (২৯–৩০ ছেপ্টেম্বৰ) অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পৰা বিশেষ স্বীকৃতি লাভ কৰিছে। তেওঁ অসম ৰাজ্যপাল ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা আঁচনিৰ কথাও উল্লেখ কৰে, যাৰ জৰিয়তে বিদ্যালয়-মহাবিদ্যালয়ৰ যুৱক-যুৱতীসকলক প্ৰবীণ সৈনিকৰ জীৱন আৰু অৱদানৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।
সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিলৈ ৰাজ্যবাসীক উদাৰতাৰে বৰঙণি আগবঢ়াবলৈ আহ্বান জনাই তেওঁ কয় যে জোৱানৰ ত্যাগ অমূল্য, কিন্তু নাগৰিকৰ সহায়ে তেওঁলোকৰ পৰিয়ালৰ কষ্ট লাঘৱ কৰিব পাৰে।
এই অনুষ্ঠানত মুখ্য সচিব ড° ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, জিএডিৰ সম্পাদক এম এছ মন্নীভান্নন, মেজৰ জেনেৰেল এ কে শৰ্মা, এয়াৰ কামোডৰ কাঞ্চন কুমাৰ, এয়াৰ মাৰ্শ্বাল (অৱসৰপ্ৰাপ্ত) অঞ্জন কুমাৰ গগৈ, লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতা, লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) প্ৰণৱ কুমাৰ ভৰালী, এলং কেইবাজনো জ্যেষ্ঠ সামৰিক বিষয়া, যুদ্ধৰ বাবে অক্ষম সৈনিক, বীৰ নাৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তিৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে।
অনুষ্ঠানৰ অন্তত ৰাজ্যপাল আচাৰ্যই সাতগাঁৱৰ সন্মানীয় অধিনায়ক যতীন্দ্ৰ চন্দ্ৰ ৰায়ৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ অমূল্য অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰশংসাপত্ৰ আৰু পৰম্পৰাগত ফুলাম গামোছা প্ৰদান কৰি সন্মান জনায়।
हिन्दुस्थान समाचार / অৰৱিন্দ