
গুৱাহাটী, ০৭ ডিচেম্বৰ (হি.স.)। যোৰহাট জিলাৰ কঠালগুৰি চাহ বাগিছাত অলপতে এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ চিকিৎসা কোষ, অসম চাহ-মজদুৰ-আদিবাসী কংগ্ৰেছ বিভাগ আৰু যোৰহাট জিলা কংগ্ৰেছৰ যুটীয়া উদ্যোগত এই শিবিৰৰ আয়োজন কৰা হয়। শিবিৰটোত চাহ বাগিছা অঞ্চলৰ বাসিন্দা আৰু শ্ৰমিকসকলক চিকিৎসা সেৱা আগবঢ়োৱা হয়।
এই মেগা চিকিৎসা শিবিৰত ৮খনৰো অধিক চাহ বাগিছা আৰু চুবুৰীয়া গাঁওসমূহৰ ১১০০ ৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰায়। চাহ বাগিছাৰ শ্ৰমিকসকলৰ বিভিন্ন স্বাস্থ্যজনিত অভিযোগৰ যত্ন লোৱাটোৱে আছিল এই শিবিৰৰ মূল উদ্দেশ্য। এই শিবিৰত ডাঃ চন্দ্ৰ বৰা (সাধাৰণ আৰু লেপাৰ'স্ক'পিক শল্য চিকিৎসক), ডাঃ জোনমণি বৰগোহাঞি (স্ত্ৰীৰোগ বিশেষজ্ঞ), ডাঃ শ্ৰুতি বৰা (শিশুৰোগ বিশেষজ্ঞ), ডাঃ যদুনাথ বুঢ়াগোহাঞি (এমএছ, এমচি – শল্য অংক'ল'জিষ্ট) আৰু ডাঃ আনিছুৰ ৰহমানকে ধৰি বিশিষ্ট চিকিৎসকসকলৰ লগতে কেবাগৰাকী পেৰামেডিকেল কৰ্মীয়ে সেৱা আগবঢ়াইছিল। প্ৰাণ কুৰ্মিয়ে বিশেষ ভূমিকা পালন কৰা শিবিৰটোত ডাঃ যদুনাথ বুৰাগোহাঞিৰ সমন্বয়ত চিকিৎসকৰ দলটোৱে সুচাৰুৰূপে শিবিৰটো পৰিচালনা কৰে। শিবিৰত উপস্থিত সকলো ৰোগীৰ বাবে প্ৰয়োজনীয় বিনামূলীয়া ঔষধৰো যোগান ধৰা হয়।
এপিচিচিৰ চিকিৎসা কোষৰ তৰফৰ পৰা সদৰী কৰা অনুযায়ী চাহ বাগিছাৰ দুৰ্বল আৰু দূৰৱৰ্তী অঞ্চলত বসবাস কৰা জনসাধাৰণ, বিশেষকৈ মহিলা আৰু শিশুৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰি উন্নত চিকিৎসাসেৱা উপলব্ধ কৰোৱাটোৱে হৈছে এই কাৰ্যসূচীৰ উদ্দেশ্য। ভবিষ্যতেও এনেধৰণৰ সেৱামূলক কাৰ্যৰ ধাৰাবাহিকতা ৰক্ষা কৰা হ'ব বুলিও চিকিৎসা কোষে জানিবলৈ দিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী