
লক্ষীমপুৰ, ০৭ ডিচেম্বৰ (হি.স.)। গোগামুখৰ এজন বিশেষ অসম আৰক্ষী জোৱান বিতোপন দাসৰ সফলতা । ছাত্ৰ– ছাত্ৰী সকলক শাৰীৰিক অনুশীলন কৰিব দিয়াৰ লগতে লিখিত পৰীক্ষা অনুষ্ঠিত কৰি আহিছে দাসে। ফলত বৰ্তমান চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ১৫ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে পাবলৈ সক্ষম হয়।
গোগামুখত সন্ধান গ্ৰুপৰ উদ্যোগত বিশেষ সম্বৰ্ধনা।
সন্ধান গ্ৰুপৰ ১৫ জন ছাত্ৰ-ছাত্ৰীয়ে অসমৰ চৰকাৰৰ নিযুক্তি দিয়া বিভিন্ন বিভাগত পাবলৈ সক্ষম হয়। আজি বিশেষ সন্ধান অনুষ্ঠানত আঁতধৰে অমৃত দাসে। অনুষ্ঠানত উপস্থিত থাকে গোগামুখ পশু চিকিৎসাৰ চিকিৎসক ডাঃ অনিল কুমাৰ পেগু, অসম উন্নতি সভাৰ সম্পাদক জিতু বৰা, গোগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰ, ধেমাজি জিলাৰ ছাত্ৰ সন্থাৰ উপ-সভাপতি ঋতুপৰ্ণ কোঁচ , অসমৰ জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সদস্য শৰৎ চুতীয়া আদি বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা