গোলাঘাটৰ শালমৰাত চুৰি কৰা গৰুৰ মাংস উদ্ধাৰক লৈ চাঞ্চল্য
গোলাঘাট, ০৬ ডিচেম্বৰ (হি.স.)। গোলাঘাটত ভয়ংকৰ ৰূপত দেখা দিছে গৰু চুৰি চক্ৰ। এইবাৰ শালমৰাত চুৰি কৰা গৰুৰ মাংস উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। গৃহস্থৰ এৰাল দিয়া গৰু চুৰি কৰি হাবিৰ মাজত কাটি মাংস বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য়মতে, যোৱ
গোলাঘাটৰ শালমৰাত চুৰি কৰা গৰুৰ মাংস উদ্ধাৰক লৈ চাঞ্চল্য


গোলাঘাট, ০৬ ডিচেম্বৰ (হি.স.)। গোলাঘাটত ভয়ংকৰ ৰূপত দেখা দিছে গৰু চুৰি চক্ৰ। এইবাৰ শালমৰাত চুৰি কৰা গৰুৰ মাংস উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। গৃহস্থৰ এৰাল দিয়া গৰু চুৰি কৰি হাবিৰ মাজত কাটি মাংস বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য়মতে, যোৱা সন্ধিয়াৰ পৰা সন্ধানহীন গৰুজনীৰ কাটি থোৱা ঠেং, গৰ্ভত থকা পোৱালি আৰু নানান অৱশিষ্ট হাবিত উদ্ধাৰৰ পাছত সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়।

উল্লেখ্য যে জিলাখনৰ চোদিশে নিতৌ গৰু চুৰি চক্ৰ‌ই চুৰি কৰি আহিছে খাটি খোৱা লোকৰ গো-ধন। আৰু আজি শালমৰাৰ এই ঘটনাই পোহৰলৈ আনিছে গৰুচুৰি চক্ৰৰ নতুন ৰূপটো। ইতিমধ্যেই গৃহস্থই গোলাঘাট আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। গৰু চোৰৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande