গুৱাহাটীত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
গুৱাহাটী, ০৬ ডিচেম্বৰ (হি.স.)। গুৱাহাটী মহানগৰীৰ দিছপুৰ আৰু নুনমাটি আৰক্ষীয়ে যৌথ অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে। শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, দিছপুৰ আৰু নুনমাটি আৰক্ষীয়ে পথাৰকুৱৰীত যৌথ অভিযান চলাইছিল। এটা কুখ্যাত চোৰৰ ভাড়
भारी मात्रा में चोरी का सामान बरामद


भारी मात्रा में चोरी का सामान बरामद


গুৱাহাটী, ০৬ ডিচেম্বৰ (হি.স.)। গুৱাহাটী মহানগৰীৰ দিছপুৰ আৰু নুনমাটি আৰক্ষীয়ে যৌথ অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে।

শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, দিছপুৰ আৰু নুনমাটি আৰক্ষীয়ে পথাৰকুৱৰীত যৌথ অভিযান চলাইছিল।

এটা কুখ্যাত চোৰৰ ভাড়াঘৰত তালাচী চলোৱা হৈছিল। তালাচীৰ সময়ত আৰক্ষীয়ে নগদ ৪০ হাজাৰ ₹, চাৰ্জাৰযুক্ত দুটা লেন’ভ’ লেপটপ, ছটা মোবাইল হেণ্ডছেট, এটা এল ই ডি টিভি, এটা এয়াৰ পিষ্টল, বৃহৎ পৰিমাণৰ মুদ্ৰা, দুযোৰ স্কেটিং জোতা আৰু অন্যান্য চুৰি ঘৰুৱা সামগ্ৰী উদ্ধাৰ কৰে। ইতিমধ্যে এই সন্দৰ্ভত ৰুজু হোৱা এফআইআৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande